
বৰপেটা, ১২ মে’ (হি.স.): বজালীৰ উত্তৰ প্ৰান্তত যোৱা কালি সন্ধিয়া প্ৰচণ্ড ধুমুহাই আতংকৰ সৃষ্টি কৰে । বজালীৰ লগতে বাক্সাৰ বিভিন্ন প্ৰান্তত প্ৰকাণ্ড গছ ভাঙি বিস্তৰ ক্ষতি সাধন হয় ।
ধুমুহাৰ ফলত ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাক্সা জিলাৰ শিমলাত পথৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ । ইযাৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত । স্থানীয় ৰাইজ আৰু প্ৰশাসনে গছ আঁতৰোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ