হাজোত ৰন্ধন গেছৰ কলা ব্যৱসায়ৰ বিৰুদ্ধে হাজো আৰক্ষীৰ অভিযান
হাজোত ৰন্ধন গেছৰ কলা ব্যৱসায়ৰ বিৰুদ্ধে হাজো আৰক্ষীৰ অভিযান।
হাজোত ৰন্ধন গেছৰ কলা ব্যৱসায়ৰ বিৰুদ্ধে হাজো আৰক্ষীৰ অভিযান


কামৰূপ, ১২ মে’ (হি.স.): ৰন্ধন গেছৰ নাটনিৰ মাজতে আৰম্ভ হৈছে ইয়াৰ কলা ব্য়ৱসায়। ইয়াৰ মাজতে হাজোত যোৱা কালি সোমবাৰে সন্ধিয়া ৰন্ধন গেছৰ কলা ব্যৱসায়ৰ বিৰুদ্ধে হাজো আৰক্ষীয়ে অভিযান চলায় । আৰক্ষী বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত এলপিজিৰ কলা সাম্ৰাজ্যত অভিযান চলে । অভিযানত বৃহৎ পৰিমাণৰ ৰন্ধন গেছৰ ছিলিণ্ডাৰ জব্দ কৰা হয় ।

ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ কলা ব্যৱসায় চলোৱা ব্যৱসায়ী আব্দুল খালেকক আটক কৰে আৰক্ষীয়ে । হাজোৰ ছড়াবৰীত চলিছিল ৰন্ধন গেছৰ কলা ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান । অভিযানত জব্দ কৰা হয় প্ৰায় শতাধিক ছিলিণ্ডাৰ । উল্লেখ্য় যে বিভিন্ন এজেঞ্চিৰ পৰা এই গেছ সমূহ সংগ্ৰহ কৰি কলা বজাৰত অধিক দৰত বিক্ৰী কৰে অসাধু চক্ৰই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande