
ডিব্ৰুগড়, ১২ মে (হি.স.)। ডিব্ৰুগড়ৰ চৌকিডিঙীস্থিত বেংক অব মহাৰাষ্ট্ৰ বেংকত সংঘটিত বৃহৎ বিত্তীয় কেলেংকাৰী। গ্ৰাহকৰ একাউণ্টৰ পৰা হৰলুকি হৈছে লক্ষ লক্ষ টকা। হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বেংকটোৰ গ্ৰাহক সকলৰ মাজত। বেংকটোৰ পৰা গ্ৰাহকৰ বহু কষ্ট উপাজিত ধন হৰলুকি কৰিলে বেংকটোৰ বিকি গুৰুঙ নামৰ এজন বিষয়াই।
গ্ৰাহকৰ একাউন্টৰ পৰা এক লাখৰ পৰা ৭০ লাখ পৰ্যন্ত হৰলুকি হৈছে। বেংকত উপস্থিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল। বেংকৰ বিষয়া - কৰ্মচাৰীয়ে গ্ৰাহকক দিব পৰা নাই সুদুত্তৰ। ২৪ ঘন্টাৰ ভিতৰত গ্ৰাহকৰ ধন ঘুৰাই দিব নোৱাৰিলে ডিব্ৰুগড়ৰ ৰাজপথত আন্দোলন কৰিব বুলি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।
বৃহৎ এই বিত্তীয় অনিয়মত বেংকটোৰ আন বহুতো বিষয়া-কৰ্মচাৰী জৰিত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আটছাই। ইতিমধ্যে ডিব্ৰুগড় জিলা আয়ুক্তক সমগ্ৰ ঘটনাৰ সৰ্ম্পকত এক উচিত তদন্ত বিচাৰি অসম চাহ জনজাতি ছাত্ৰ সন্থাই গুৰুত্বপূৰ্ণ স্মাৰকপত্ৰ প্ৰদান কৰিছে। চহৰ খনৰ মাজমজিয়াতে থকা ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এই বেংকটোৰ কৰ্মকাণ্ডই এতিয়া সমগ্ৰ চহৰ খনৰ জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ