
নতুন দিল্লী, ১২ মে’ (হি.স.)। আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উপলক্ষে মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় ফ্ল’ৰেন্স নাইটিংগেল বঁটা প্ৰদান কৰে।
এইবাৰ দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৫ গৰাকী নাৰ্চিং কৰ্মীক তেওঁলোকৰ অসাধাৰণ অৱদানৰ বাবে নিৰ্বাচিত কৰা হৈছে।
এই উপলক্ষে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে নাৰ্চিং কৰ্মীসকলে সেৱাৰ উচ্চতম মানদণ্ডৰ উদাহৰণ দাঙি ধৰে আৰু গুণগত স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ লগতে কয় যে স্বাস্থ্যসেৱাৰ পেছাদাৰীসকলে দয়া আৰু নিষ্ঠাৰে জাতিটোক সেৱা আগবঢ়ায়, ৰোগীৰ যত্ন নিশ্চিত কৰে, কেতিয়াবা অত্যন্ত প্ৰত্যাহ্বানজনক পৰিস্থিতিতো।
ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, এই অনুষ্ঠানটো নাৰ্চিং কৰ্মী আৰু স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ অমূল্য অৱদানৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলি।
উল্লেখযোগ্য যে নাৰ্চিংৰ ক্ষেত্ৰত অসাধাৰণ সেৱাক স্বীকৃতি দিবলৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ১৯৭৩ চনত ৰাষ্ট্ৰীয় ফ্ল’ৰেন্স নাইটিংগেল বঁটা প্ৰতিষ্ঠা কৰিছিল। এই বঁটাক দেশৰ নাৰ্চিং পেছাৰ বাবে সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান হিচাপে গণ্য কৰা হয়।
এইবাৰৰ বঁটা বিজয়ীসকলৰ ভিতৰত আছে লাডাখৰ পৰা কুলৱিন্দৰ পাৰি, মহাৰাষ্ট্ৰৰ পৰা উজ্জ্বলা মহাদেৱ সোয়াম, মিজোৰামৰ পৰা ললেনথাংগী নামতে, ছিকিমৰ পৰা মধু মালা গুৰুং, উত্তৰাখণ্ডৰ পৰা পূজা পৰমাৰ ৰানা, আৰু এ এন এম শাখাত পশ্চিম বংগৰ পৰা গীতা কৰ্মকাৰ।
নাৰ্ছ শাখাত চণ্ডীগড়ৰ পৰা পুনম বৰ্মা, দাদৰা এণ্ড নগৰ হাভেলীৰ পৰা দীপা বিজু আৰু দমন এণ্ড ডিউ, দিল্লীৰ পৰা ডাঃ শ্ৰাৱন কুমাৰ ঢাকা, গোৱাৰ পৰা ৰক্ষা ৰূপো পাৰ্বাটকাৰ, কৰ্ণাটকৰ পৰা কবিতা জগন্নাথ, মঞ্জু মল ভি. কেৰেলাৰ পৰা, লক্ষদ্বীপৰ পৰা আয়েছা বিবি কে, তামিলনাডুৰ পৰা অধ্যাপক (ড°) আৰ শংকৰ শনমুগাম আৰু দিল্লীৰ সেনা মুখ্য কাৰ্যালয় (আই এইচ কিউ, প্ৰতিৰক্ষা মন্ত্ৰালয়)ৰ পৰা মেজৰ জেনেৰেল লিছাম্মা পি.ভি.ক সন্মানিত কৰা হয় ।
हिन्दुस्थान समाचार / অৰৱিন্দ