
হোজাই, ১২ মে’ (হি.স.): হোজাই জিলাৰ লামডিঙত যোৱা কালি সোমবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । দক্ষিণ লুমডিংৰ ৱাৰ্ড নম্বৰ ১৩ দক্ষিণ লামডিং মগদশ্ৰী মন্দিৰৰ সমীপত ৰাম ঠাকুৰ পল্লীত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ।
জানিব পৰামতে, ৰাজু গুপ্তাৰ নামৰ ব্যক্তি গৰাকী ঘৰত এই অগ্নিকাণ্ড ঘটনা সংঘটিত হয় | অগ্নিকাণ্ডৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। স্থানীয় ৰাইজৰ সহযোগিতাত এই জুই নিয়ন্ত্ৰণ কৰা হয় । পিছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ দল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ