
লখিমপুৰ, ১২ মে (হি.স.)। আজি পুৱাই বান্দৰদেৱাত আৰক্ষী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ মাজত হোৱা খেদা খেদিৰ মাৰাথন দৌৰত সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰে৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ মাজত হোৱা বগৰা বগৰিৰ চাঞ্চল্যকৰ দৃশ্যই সকলোকে পুলকিত কৰি তোলে ৷
বান্দৰদেৱা আৰক্ষী চকীৰ বিষয়া হিৰণ্য বৰাই নিজৰ জীৱন তুচ্চ কৰি গোপন সুত্ৰৰ পম খেদি আটক কৰে জৰাবাৰী গোসাইগাওঁৰ ৰূপেশ্বৰ কাকতিৰ পুত্ৰ মনিৰাম কাকতি (২৯) নামৰ ড্ৰাগছ সৰবাৰহকাৰী জনক। ড্ৰাগছ সৰবৰাহকাৰী জনৰ জিম্মাৰ পৰা ১৬ টা ড্ৰাগছ কন্টেইনাৰ জব্দ কৰি তদন্ত আৰম্ভ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ