একেৰাহে দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক যাত্ৰা
গুৱাহাটী, ১২ মে'' (হি.স.)। অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি মঙলবাৰে শপতগ্ৰহণ কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমবাসীৰ আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। আজি দিনৰ ১১.৪৪ বজাত শ
শপতগ্ৰহণ সমাৰোহ


গুৱাহাটী, ১২ মে' (হি.স.)। অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি মঙলবাৰে শপতগ্ৰহণ কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমবাসীৰ আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। আজি দিনৰ ১১.৪৪ বজাত শপত ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যই তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। অসমত বিজেপি চৰকাৰৰ তৃতীয়টো কাৰ্যকালত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে জালুকবাৰী সমষ্টিৰ পৰা অপ্ৰতিদ্বন্দ্বী হিচাপে ৬ বাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছে বৰ্তমানৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা । ২০০১ চনৰ পৰা জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই । ২০০১ চনত, ২০০৬ চনত আৰু ২০১১ চনত কংগ্ৰেছৰ হৈ ড৹ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল । ইয়াৰ পিছত ২০১৬ চনত আৰু ২০২১ চনত আৰু সদ্য সমাপ্ত ২০২৬ৰ বিধানসভা নিৰ্বাচনত ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ হৈ সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে । ২০০১ চনৰ পৰা ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জয়যাত্রা অব্যাহত আছে ।

লক্ষণীয় বিষয় যে ১৯৯৬ চনত জালুকবাৰী সমষ্টিত অগপৰ ভৃগু কুমাৰ ফুকনৰ হাতত পৰাজিত হৈছিল ড৹ হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ পিছত ২০০১ চনত ড৹ হিমন্ত বিশ্ব শৰ্মাই পৰাজিত কৰে ভৃগু কুমাৰ ফুকনক । তাৰ পিছৰে পৰা ড৹ হিমন্ত বিশ্ব শৰ্মাই পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই ।

প্ৰণিধানযোগ্য য়ে ১৯৮৫ চনত কামৰূপ একাডেমীৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত শৰ্মাই উচ্চ শিক্ষাৰ বাবে কটন কলেজত নামভৰ্তি কৰে। তেওঁ ১৯৯১-৯২ত কটন কলেজ ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক আছিল। তেওঁ কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত ১৯৯০ চনত স্নাতক আৰু ১৯৯২ চনত স্নাতকোত্তৰ পৰীক্ষা পাছ কৰে। শৰ্মাই গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৯৬ৰ পৰা ২০০১ লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তাৰূপে কৰ্ম জীৱন আৰম্ভ কৰিছিল।

শৰ্মাই ২০০১ চনত অসম গণ পৰিষদৰ নেতা ভৃগু কুমাৰ ফুকনক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে জালুকবাৰীৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০০৬ চনত তেওঁ পুনৰ নিৰ্বাচিত হয়, তাৰ পিছত ২০১১ চনত ৭৮,০০০ ভোটৰ ব্যৱধানত একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। ২০০২ চনৰ পৰা ২০১৪ চনলৈকে কৃষি, পৰিকল্পনা আৰু উন্নয়ন, বিত্ত, স্বাস্থ্য, শিক্ষা, আৰু অসম চুক্তি ৰূপায়ণৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শৰ্মাই গুৰুত্বপূৰ্ণ (ৰাজ্য আৰু কেবিনেট উভয়তে) লাভ কৰিছিল। ২০০৬ চনত তেওঁক স্বাস্থ্য বিভাগৰ কেবিনেট মন্ত্ৰী নিযুক্তি দিয়া হয়, আৰু ২০১১ চনত তেওঁক শিক্ষাৰ অতিৰিক্ত দায়িত্বও অৰ্পণ কৰা হয়।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে ৰাজনৈতিক মতানৈক্যৰ পিছত ২০১৪ চনৰ ২১ জুলাইত শৰ্মাই সকলো চৰকাৰী পদৰ পৰা পদত্যাগ কৰে । ২০১৫ চনৰ ১৫ ছেপ্টেম্বৰত বিধানসভাৰ পৰা পদত্যাগ কৰে। ২০১৫ চনৰ ২৩ আগষ্টত শৰ্মাই অমিত শ্বাহৰ নতুন দিল্লীৰ বাসগৃহত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । পৰৱৰ্তী সময়ত ২০১৬ চনৰ মে’ মাহত শৰ্মাই একেৰাহে চতুৰ্থবাৰৰ বাবে জালুকবাৰী সমষ্টিত জয়লাভ কৰি ২৪ মে’ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। আনহাতে ২০২১ চনৰ ১০ মে'ত সোণোৱালৰ পিছত ৰাজ্যপাল জগদীশ মুখীয়ে অসমৰ ১৫তম মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক শপত গ্ৰহণ কৰোৱায়। আনহাতে আজি ১২ মে মঙলবাৰে একেৰাহে দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যই তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande