(লীড) একেৰাহে দ্বিতীয় কাৰ্যকালৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ
গুৱাহাটী, ১২ মে'' (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত একেৰাহে দ্বিতীয় কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । তেওঁক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাৰ্যভাৰ আৰু গ
असमः प्रधानमंत्री के साथ राज्यपाल लक्ष्मण प्रसाद आचार्य, मुख्यमंत्री डॉ. हिमंत बिस्व सरमा एवं मंत्रिमंडल में शामिल रामेश्वर तेली, अतुल बोरा, चरण माझी एवं अजंता नेओग।


असमः गुवाहाटी के खानापाड़ा पशु चिकित्सा महाविद्यालय के खेल मैदान में आयोजित समारोह में पद एवं गोपनियता का शपथ पाठ करते मुख्यमंत्री डॉ. हिमंत बिस्व सरमा एवं मंत्रिमंडल के सहयोगी।


असमः शपथ ग्रहण समारोह में उपस्थित लोग


असमः शपथ ग्रहण समारोह में उपस्थित लोग


গুৱাহাটী, ১২ মে' (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত একেৰাহে দ্বিতীয় কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । তেওঁক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱায়। বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এন ডি এ)য়ে অসমত একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিছে। ২০১৬ চনত বিজেপিয়ে প্ৰথমে অসমত ক্ষমতাৰ শিখৰত উপনীত হোৱাত সফল হৈছিল ।

গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ ক্ৰীড়া খেলপথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নীতিন গাডকাৰী, জে পি নড্ডা আৰু এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত এক ভৱ্য অনুষ্ঠানত শপত গ্ৰহণ কৰে ড০ শৰ্মাই। তেওঁৰ লগতে নৱনিৰ্বাচিত বিজেপি বিধায়ক ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগ, অসম গণ পৰিষদৰ অতুল বৰা, বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ চৰণ বডোৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

উল্লেখযোগ্য যে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত এন ডি এয়ে ১২৬ জনীয়া বিধানসভাত ১০২ খন আসন লাভ কৰি চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছিল। বিজেপিয়ে ৮২ খন আসন লাভ কৰাৰ বিপৰীতে মিত্ৰ দল অগপ আৰু বিপিএফ দলে ১০ খনকৈ আসন লাভ কৰে।

শপত গ্ৰহণ অনুষ্ঠানৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ লোকে জয় শ্ৰী ৰাম, ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় আই অসম আদি শ্লোগান দি এক উৎসাহমূলক পৰিৱেশৰ সৃষ্টি কৰে। উক্ত অনুষ্ঠানত বৃহৎ সংখ্যক মহিলাও উপস্থিত থাকে। বৃহৎ সংখ্যক ৰাইজৰ উপস্থিতিৰ বাবে পেণ্ডলৰ বিভিন্ন স্থানত বৃহৎ এল ই ডি ডিছপ্লে স্থাপন কৰা হৈছিল।

বিজেপিৰ ড° হিমন্ত বিশ্ব শৰ্মা, ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগ তথা অসম গণ পৰিষদৰ বিধায়ক অতুল বৰাই অসমীয়া ভাষাত শপত গ্ৰহণ কৰাৰ বিপৰীতে বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ বিধায়ক চৰণ বডোৱে বডো ভাষাত শপত গ্ৰহণ কৰে। আজি শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে বগা ধুতি-কুৰ্তা আৰু ডিঙিত অসমীয়া গামোছা লৈ থকা দেখা গৈছিল ।

শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, নিৰ্মলা সীতাৰমণ, অশ্বিনী বৈষ্ণৱ, সৰ্বানন্দ সোণোৱাল, কিৰেন ৰিজিজু, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, ছত্তীশগড়ৰ মুখ্যমন্ত্রী বিষ্ণু দেও ছাই, দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তা, গোৱাৰ মুখ্যমন্ত্রী প্রমোদ সাৱন্ত, গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্রভাই পেটেল, হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়াব সিং ছাইনী, মধ্য প্রদেশৰ মুখ্যমন্ত্রী মোহন যাদৱ, মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী দেৱেন্দ্র ফদনবীছ, মণিপুৰৰ মুখ্যমন্ত্রী যুমনাম খেমচান্দ, মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাদ খেমচান্দ৷ ছাংমা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ', ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° (প্ৰফেচাৰ) মানিক সাহা, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামি, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী সুৱেন্দু অধিকাৰী, মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমা, বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি.এল সন্তোষ, ৰাষ্ট্ৰীয় উপ সভাপতি বৈজয়ন্ত জয় পাণ্ডা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘৰ লগতে কেইবাখনো ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী আৰু অন্যান্য বিশিষ্ট ৰাষ্ট্ৰীয় নেতা আৰু ব্যৱসায়িক জগতৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

শপতগ্ৰহণ অনুষ্ঠানত নেতাৰ লগতে সকলো স্তৰৰ বিজেপিৰ বিষয়াক আমন্ত্ৰণ জনোৱা হয় । যিকোনো অপ্ৰীতিকৰ ঘটনাৰ মোকাবিলা কৰিবলৈ বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছিল ।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande