নাহৰকটীয়াত আৰক্ষীৰ অভিযানত পোহনীয়া কুকুৰৰ চোৰাং সৰবৰাহত জৰিত তিনিজনক গ্ৰেপ্তাৰ
ডিব্ৰুগড়, ১২ মে (হি.স.)। ৰাজ্যত দৈনিক অব্যাহত আছে পশুধনকে আদি কৰি পোহনীয়া জীৱ জন্তু চুৰিৰ ৰমৰমীয়া বেহা। একাংশ অসাধু চক্ৰই ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা বহিঃ ৰাজ্যলৈ সৰবৰাহ কৰে পোহনীয়া জীৱ জন্তু। আজি পুৱতি নিশা নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষ
নাহৰকটীয়াত আৰক্ষীৰ অভিযানত পোহনীয়া কুকুৰৰ চোৰাং সৰবৰাহত জৰিত তিনিজনক গ্ৰেপ্তাৰ


ডিব্ৰুগড়, ১২ মে (হি.স.)। ৰাজ্যত দৈনিক অব্যাহত আছে পশুধনকে আদি কৰি পোহনীয়া জীৱ জন্তু চুৰিৰ ৰমৰমীয়া বেহা। একাংশ অসাধু চক্ৰই ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা বহিঃ ৰাজ্যলৈ সৰবৰাহ কৰে পোহনীয়া জীৱ জন্তু। আজি পুৱতি নিশা নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন ৰাজখোৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নাকা তালাচি চলাই তিনিজন কুখ্যাত চোৰক আটক কৰিবলৈ সক্ষম হয়।

ধৃত চোৰ কেইজনে এখন নম্বৰ প্লেট বিহীন মাৰুতি বাহনত তিনিটাকৈ পোহনীয়া কুকুৰ বহিঃ ৰাজ্যলৈ বুলি চুৰি কৰি আনিছিল। ধৃত কুখ্যাত চোৰ কেইজনক কাৰ্বিআংলং জিলাৰ দেবেন বে, চেচন তেৰাং, প্ৰীঞ্চ ইংতি, বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে। এনে ধৰণৰ কুখ্যাত অপৰাধীক কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক আহ্বান জনায় সচেতন মহলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande