
ধুবুৰী, ১২ মে (হি.স.)। ধুবুৰী চহৰৰ ৩ নং ৱাৰ্ডৰ পঞ্চুঘাট অঞ্চলত বৃহৎ অগ্নিকাণ্ডৰ পৰা কথমপি প্ৰাণ ৰক্ষা স্থানীয় ৰাইজৰ। ৰন্ধন গেছৰ চিলিণ্ডাৰ লিক হৈ বিস্ফোৰণ হোৱাৰ আশংকাত ৰাইজৰ মাজত হুৱা-দুৱা লাগে। অঞ্চলটোৰ ৰঞ্জিত দাস নামৰ এজন লোকৰ ঘৰত অনুষ্ঠানৰ আয়োজন চলি থকাৰ মাজতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লীক হৈ প্ৰচণ্ড শব্দ হোৱাত স্থানীয় ৰাইজ আতংকিত হৈ পৰে।
পিচত ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ কৰাত তৎক্ষনাত অগ্নিনিৰ্বাপক বাহিনীৰ দল আহি ৰন্ধন গেছৰ টেংকিটো নিস্ক্ৰিয় কৰিবলৈ সক্ষম হয়।
এক ভয়াৱহ দুৰ্ঘটনাৰ পৰা স্থানীয় ৰাইজ ৰক্ষা পৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা