
গুৱাহাটী, ১২ মে' (হি.স.)। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে মঙলবাৰে অসমৰ গুৱাহাটীৰ বিখ্যাত কামাখ্যা দেৱী মন্দিৰ পৰিদৰ্শন কৰি প্ৰাৰ্থনা কৰে।
ৰাজ্যখনৰ সকলো জনসাধাৰণৰ সুখ, সমৃদ্ধি, সুস্বাস্থ্যৰ লগতে দেৱতাৰ ভূমি উত্তৰাখণ্ডৰ অবিৰত প্ৰগতি, উন্নয়ন, সমৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীয়ে কামাখ্যা দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰে।
উল্লেখ্য় যে অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি মঙলবাৰে শপতগ্ৰহণ কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্য়মন্ত্ৰী শৰ্মাৰ এই শপত গ্ৰহণ সমাৰোহত অংশগ্ৰহণ কৰিবলৈ অসমলৈ আহিছিল উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী।
हिन्दुस्थान समाचार / Manoj Kumar Saikia