চামগুৰি আৰক্ষীৰ অভিযানত গৰু ভৰ্তি ট্ৰাক জব্দ
চামগুৰি আৰক্ষীৰ চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান।
চামগুৰি আৰক্ষীৰ অভিযানত গৰু ভৰ্তি ট্ৰাক জব্দ


নগাঁও, ১২ মে’ (হি.স.): নগাঁও জিলাৰ চামগুৰি আৰক্ষীৰ চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্য়াহত আছে । চামগুৰি আৰক্ষীয়ে যোৱা কালি সোমবাৰে নিশা চলোৱা অভিযানত জব্দ কৰে এখন গৰু ভৰ্তি ট্ৰাক । অৱশ্য়ে এই সন্দৰ্ভত কোনো লোকক আটক কৰা হোৱা নাই। জানিব পৰামতে, এনএল ০১ এচি ৬৫৯৮ পঞ্জীয়ন নম্বৰৰ ট্ৰাক এখনত ৩২ টা পশুধন কঢ়িয়াই আনিছিল।

উল্লেখ্য় যে উজনি অসমৰ পৰা নগাঁও অভিমুখে গৈ থকা ট্ৰাকখন চামগুৰিৰ সোণাৰিবালিৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে আৰক্ষীয়ে । জব্দ কৰা ট্ৰাকখনত আছিল প্ৰায় ৩২ টা গৰু । পিছে পিছে খেদি যোৱা আৰক্ষীৰ বাহন দেখি ৰাষ্ট্ৰীয় ঘাইপথতে বাহন এৰি পলায়ন কৰে চালক আৰু তেওঁৰ সহযোগীয়ে । সম্প্ৰতি উদ্ধাৰ কৰা গৰু সমূহ নগাঁৱৰ গোশালালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande