
নলবাৰী, ১২ মে’ (হি.স.): ৰাজ্য়ত অব্য়াহত আছে চোৰাং গৰুৰ সৰবৰাহ । যোৱা কালি সোমবাৰে নিশা নলবাৰী চহৰত জব্দ কৰা হয় গৰু ভৰ্তি বাহন এখন ৷ মুঠ ৮ টাকৈ বলধ গৰু কঢ়িয়াই অনা হৈছিল এএছ ০১ এছচি ১১৪৩ নম্বৰৰ ডিআই বাহন খনত।
উল্লেখ্য় যে বৰপেটা কুকাৰপাৰৰ পৰা খানাপাৰলৈ গৈ আছিল গৰু ভৰ্তি বাহনখন ৷ নলবাৰী চহৰত বজৰং দলৰ সদস্য সকলে আৰক্ষীৰ সহায়ত জব্দ কৰে গৰু ভৰ্ত্তি বাহন খন ৷ লগতে আটক কৰে গৰু কঢ়িয়াই অনা বাহনখনৰ চালক ছাহজাহান আলীক ৷
প্ৰণিধানযোগ্য় যে অসমৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাই থকা অভিযানত চোৰাং গৰু সৰবৰাহ কৰা বাহন জব্দ কৰাৰ লগতে সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ ৰূপহীহাট, কামপুৰ, গোৱালপাৰা আৰু উত্তৰ গুৱাহাটীত অবৈধভাৱে মেঘালয়লৈ নি থকা বহুসংখ্যক গৰু ভৰ্তি বাহন আৰক্ষীয়ে জব্দ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ