গোলকগঞ্জত চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল চোৰ
ধুবুৰী, ১২ মে (হি.স.)। গোলকগঞ্জত চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল চোৰ। গোলকগঞ্জৰ বিৰাট নগৰ চাৰিআলিস্থিত এখন গেলামাল দোকানত চুৰি কৰিবলৈ আহি বিপদত পৰিল এজন চোৰ। আজি পুৱা প্ৰায় ৫ বজাত সংঘটিত হয় উক্ত ঘটনা। জানিব পৰা মতে, ধৃত চোৰ জনক গোলকগঞ্জৰ বিছন
গোলকগঞ্জত চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল চোৰ


ধুবুৰী, ১২ মে (হি.স.)। গোলকগঞ্জত চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল চোৰ। গোলকগঞ্জৰ বিৰাট নগৰ চাৰিআলিস্থিত এখন গেলামাল দোকানত চুৰি কৰিবলৈ আহি বিপদত পৰিল এজন চোৰ। আজি পুৱা প্ৰায় ৫ বজাত সংঘটিত হয় উক্ত ঘটনা। জানিব পৰা মতে, ধৃত চোৰ জনক গোলকগঞ্জৰ বিছনদৈ গাঁৱৰ আচাৰাফ আলীৰ পুত্ৰ ইউছুফ আলী(ফুছু) বুলি চিনাক্ত কৰা হৈছে।

চোৰ জনৰ ভাষ্য অনুসৰি, তেওঁৰ সৈতে গৌৰীপুৰৰ আন এজন যুৱকো এই চুৰিকাণ্ডত জড়িত আছিল। যদিও আনজন ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়, ইউছুফ আলী(ফুছু) ৰাইজৰ হাতত ধৰা পৰে। পিছত উত্তেজিত ৰাইজে চোৰ জনক উত্তম-মাধ্যম দিয়াৰ পিছত আৰক্ষীৰ হাতত গতাই দিয়ে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande