
গোলাঘাট, ১২ মে (হি.স.)। বোকাখাতত আজৱ কাণ্ড ৷ ড০ হিমন্ত বিশ্ব শৰ্মাৰ নতুন চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ বোকাখাতৰ এজন ব্যক্তি নিৰুদ্দেশ হোৱা ঘটনাই এতিয়া আতংকিত কৰিছে পৰিয়ালৰ লোকক ৷ ঘৰৰ পৰা দলীয় সতীৰ্থৰ সৈতে নিশা প্ৰায় ১১.৩০ বজাত লোকজন ওলাই গৈ পুৱতি নিশা ৰহা টোল গেটৰ সমীপত গাড়ীখন ৰখোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে ৷
নিৰুদ্দিষ্ট লোকজন বোকাখাতৰ ২ নং বৰজুৰি আলামি গাঁৱৰ ফনিধৰ বৰা (৬৫) বুলি জানিব পৰা গৈছে ৷ লগৰ লোকে লগ ধৰি নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণলৈ লৈ যোৱা ফনিধৰ বৰা নিৰুদ্দেশ হৈ থকা কথাটো সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে ৷ তেওঁক লৈ যোৱা সকলক সুস্থ শৰীৰে ঘৰলৈ আনি দিয়াৰো দাবী কৰে ৷ ইতিমধ্যে ব্যক্তিজনৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি পৰিয়ালৰ লোকৰ বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা