বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে মৃত্যুদণ্ড ৰায় বাহাল ৰখাৰ সিদ্ধান্তৰ বাবে অনুশোচনা
ঢাকা, ১২ মে’ (হি.স.)। বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ আপীল বিভাগে শেহতীয়াকৈ জাৰি কৰা পূৰ্বৰ সিদ্ধান্তৰ সম্পূৰ্ণ পাঠ (প্ৰতিটো শব্দ, বিশদভাৱে, আৰু আইনী যুক্তি)ত ন্যায়ালয়ৰ পূৰ্বৰ ৰায়ৰ অনুশোচনা কৰিছে। এই ৰায়ত বাংলাদেশৰ জামাত-ই-ইছলামীৰ নেতা এ টি এম আজহাৰ
बांग्लादेश जमात-ए-इस्लामी के नेता एटीएम अजहरुल इस्लाम। फोटो  - द डेली स्टार


ঢাকা, ১২ মে’ (হি.স.)। বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ আপীল বিভাগে শেহতীয়াকৈ জাৰি কৰা পূৰ্বৰ সিদ্ধান্তৰ সম্পূৰ্ণ পাঠ (প্ৰতিটো শব্দ, বিশদভাৱে, আৰু আইনী যুক্তি)ত ন্যায়ালয়ৰ পূৰ্বৰ ৰায়ৰ অনুশোচনা কৰিছে। এই ৰায়ত বাংলাদেশৰ জামাত-ই-ইছলামীৰ নেতা এ টি এম আজহাৰুল ইছলামৰ মৃত্যুদণ্ডক সমৰ্থন কৰিছিল, যিটো গোচৰত বাংলাদেশৰ ১৯৭১ চনৰ যুদ্ধৰ সময়ত সংঘটিত হোৱা মানৱতাৰ বিৰুদ্ধে অপৰাধৰ বাবে দাখিল কৰা গোচৰত মৃত্যুদণ্ড দিয়া হৈছে।

দ্য ডেইলী ষ্টাৰৰ মতে, তেতিয়াৰ মুখ্য ন্যায়াধীশ চৈয়দ ৰেফাত আহমেদৰ নেতৃত্বত গঠিত সাতজনীয়া বিচাৰপীঠে ৭৪ পৃষ্ঠাৰ ৰায়দানত কয় যে, “সম্পূৰ্ণ ন্যায়িক দায়িত্ব লৈ আপীল বিভাগে স্বীকাৰ কৰিছে যে পূৰ্বৰ ৰায়দানত ই প্ৰমাণ আৰু বৃহত্তৰ প্ৰসংগটোৰ অভাৱসমূহ সঠিকভাৱে আৰু নিৰপেক্ষভাৱে বিবেচনা কৰাত ব্যৰ্থ হৈছিল।”

উচ্চতম ন্যায়ালয়ে কয় যে, “দুখৰ বিষয় যে পূৰ্বৰ সিদ্ধান্তটোৱে এই গুৰুতৰ প্ৰকৃতিৰ অপৰাধমূলক গোচৰত প্ৰয়োজনীয় তদন্ত আৰু ন্যায়পৰায়ণতাৰ উচ্চ মানদণ্ডৰ পৰা আঁতৰি আহিছিল।” ২০২৫ চনৰ ২৭ মে’ত আপীল বিভাগে ২০১৪ চনত আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে আজহাৰুলৰ বিৰুদ্ধে দিয়া মৃত্যুদণ্ডক সমৰ্থন কৰা পূৰ্বৰ সিদ্ধান্ত বাতিল কৰে।আদালতে তেওঁক সকলো অভিযোগৰ পৰা মুক্ত কৰি কাৰাগাৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে যে যদিহে তেওঁক আন কোনো গোচৰত বিচৰা নহয় তেন্তে তেওঁক তৎক্ষণাত মুকলি কৰি দিব লাগে।

আইচিটিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা জামাতৰ নেতাগৰাকীৰ আবেদনৰ পিছতে বিচাৰপীঠে এই সিদ্ধান্ত গ্ৰহণ কৰে। আজহাৰুলৰ অধিবক্তা মহম্মদ শিছিৰ মণিৰে কয় যে তেওঁৰ ক্লায়েণ্ট ২০১২ চনৰ ৮ আগষ্টৰ পৰা জেলত আছিল।উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত ২০২৫ চনৰ ২৮ মে’ত তেওঁক মুকলি কৰি দিয়া হৈছিল। বৰ্তমান আজহাৰুল বাংলাদেশ জামাত ইছলামীৰ নাইব-ই-আমীৰ। যোৱা ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত ৰাষ্ট্ৰীয় নিৰ্বাচনত ৰংপুৰ-২ৰ পৰা সাংসদ নিৰ্বাচিত হৈছিল।

উল্লেখযোগ্য যে ১৯৭১ চনত মানৱতাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সৈতে জড়িত গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত জামাতৰ নেতা মতিউৰ ৰহমান নিজামী, আব্দুল কোৱাদৰ মল্লাহ, মহম্মদ কামৰুজ্জামান, আলী আহছান মহম্মদ মুজাহিদ, মিৰ কাছিম আলী, আৰু বিএনপি নেতা চালাহুদ্দিন কোৱাদৰ চৌধুৰীক ফাঁচী দিয়া হৈছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande