
ইছলামাবাদ, ১২ মে’ (হি.স.)। পাকিস্তানৰ অশান্ত বেলুচিস্তান প্ৰদেশত ১২ জন শ্ৰমিকৰ গণহত্যাৰ ঘটনাই ক’ষ্ট গাৰ্ডৰ বিৰুদ্ধে ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি পাকিস্তান উপকূলৰক্ষী বাহিনীয়ে যোৱা ১১ মে’ত গ্ৱাদাৰৰ কুন্তনি আৰু জিৱানী অঞ্চলত কমেও ১২ জন বেলুচ শ্ৰমিক আৰু মাছমৰীয়াক হত্যা কৰিছিল। এই আক্ৰমণত একাংশ গুৰুতৰভাৱে আহত হয়।
দ্য বেলুচিস্তান পোষ্টৰ মতে, স্থানীয় নাগৰিক আৰু বেলুচ কৰ্মীসকলে অভিযোগ কৰে যে পাকিস্তান ক’ষ্ট গাৰ্ডে নিৰস্ত্ৰ বেলুচ সাধাৰণ নাগৰিকৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰিছিল। এই ঘটনাই অঞ্চলটোত যথেষ্ট উত্তেজনা বৃদ্ধি কৰিছে। বেলুচিস্তানত চলি থকা সংঘাত আৰু নিৰাপত্তা বাহিনীয়ে মানৱ অধিকাৰ উলংঘাৰ অভিযোগৰ মাজতে এই ঘটনা সংঘটিত হৈছে।
বেলুচ ছাত্ৰ সংগঠন আজাদৰ মুখ্য মুখপাত্ৰ শ্বোলান বালোচে কয় যে এই হত্যাকাণ্ড পাকিস্তান ক’ষ্ট গাৰ্ডৰ বৰ্বৰতাৰ এক চৰম নিদৰ্শন। কাম আৰু জীৱিকাৰ সন্ধানত ওলাই যোৱা প্ৰায় এক ডজন শ্ৰমিকৰ মৃত্যু হৈছিল। শ্বোলানে অভিযোগ কৰে যে পাকিস্তানে বেলুচ নাগৰিকৰ মৌলিক অৰ্থনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰিছে। অত্যন্ত কঠিন পৰিস্থিতিত কাম কৰিবলৈ বাধ্য হৈছে। ইয়াৰ পূৰ্বেও বেলুচ শ্ৰমিকক লক্ষ্য কৰি লোৱা হৈছে।
তেওঁ কয় যে ক’ষ্ট গাৰ্ড, আৰক্ষী বাহিনী, সেনা, আৰক্ষী, আৰু অন্যান্য নিৰাপত্তা সংস্থাকে ধৰি চৰকাৰী বিষয়াসকলে অঞ্চলটোৰ দৰিদ্ৰ বেলুচ চালক আৰু দোকানীসকলৰ পৰা ধন দাবী কৰে। এই ঘটনাৰ বিৰুদ্ধে ৰাজ্যবাসীক মাত মাতিবলৈ আহ্বান জনাইছে মুখপাত্ৰগৰাকীয়ে। বেলুচিস্তান নেচনেল পাৰ্টি (বিএনপি) আৰু নেচনেল পাৰ্টিয়ে এই হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়ে। বিএনপিৰ বিবৃতিত কোৱা হৈছে যে খাদ্য, কাপোৰ, বাসস্থানৰ ব্যৱস্থা কৰা বুলি দাবী কৰা শাসকসকলে সীমান্ত আৰু বাণিজ্য বন্ধ কৰি বেলুচিস্তানৰ জনসাধাৰণক জীৱনৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে।
বিবৃতিটোত এই ঘটনাক দমন কৰাৰ পৰিৱৰ্তে জড়িত বিষয়াসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি দোষীক ন্যায়ৰ কাষ চাপিবলৈ দাবী জনায়। ইফালে নেচনেল পাৰ্টিৰ কেন্দ্ৰীয় মুখপাত্ৰই এই কাৰ্যক নিষ্ঠুৰ, নিন্দনীয় আৰু অসহনীয় বুলি অভিহিত কৰে। এয়া মানৱ অধিকাৰৰ গুৰুতৰ উলংঘা। হক ডু তেহৰিক কেন্দ্ৰীয় কাৰ্যালয়ে এই ঘটনাক গৰিহণা দি দোষীক মৃত্যুদণ্ডৰ দাবী জনাইছে।
হক ডু তেহৰিক বেলুচিস্তানে এই গুলীচালনাৰ লগত জড়িত বিষয়া আৰু ইয়াৰ বাবে দায়বদ্ধ বিষয়াসকলৰ বিৰুদ্ধে তৎকালীনভাৱে হত্যাৰ অভিযোগ দাখিল কৰিবলৈ দাবী জনাইছে। কেৱল চাকৰিৰ পৰা বৰ্খাস্ত কৰাই নহয় শাস্তিও দিব লাগে। ভুক্তভোগী পৰিয়ালকো ন্যায় প্ৰদান কৰিব লাগে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া