ডিমাকুছি ই-মিডিয়া ফ'ৰামৰ উদ্যোগত অনুষ্ঠিত ব'হাগী উৎসৱৰ সফল সামৰণি
ওদালগুৰি, ১২ মে (হি.স.)। ডিমাকুছি ই মিডিয়া ফ’ৰামৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বহাগী উৎসৱ উদযাপনৰ কালি সন্ধিয়া সফল সামৰণি । বিশিষ্ট যুৱ কবি সাহিত্যিক জয়ন্ত ৰাজবংশীয়ে আঁত ধৰা ডিমাকুছিৰ আছা কাৰ্যালয় খেলপথাৰত অনুষ্ঠিত বহাগী উৎসৱৰ পতাকা উত্তোলনেৰে ক
ডিমাকুছি ই-মিডিয়া ফ'ৰামৰ উদ্যোগত অনুষ্ঠিত ব'হাগী উৎসৱৰ সফল সামৰণি


ওদালগুৰি, ১২ মে (হি.স.)। ডিমাকুছি ই মিডিয়া ফ’ৰামৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বহাগী উৎসৱ উদযাপনৰ কালি সন্ধিয়া সফল সামৰণি । বিশিষ্ট যুৱ কবি সাহিত্যিক জয়ন্ত ৰাজবংশীয়ে আঁত ধৰা ডিমাকুছিৰ আছা কাৰ্যালয় খেলপথাৰত অনুষ্ঠিত বহাগী উৎসৱৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ডিমাকুছি ই মিডিয়া ফ’ৰামৰ সভাপতি পৱন নাথে। ইয়াৰ পাছতে ডিমাকুছি ই-মিডিয়া ফ'ৰামৰ জেষ্ঠ্য পৰামৰ্শদাতা ৰুদ্ৰ ডেকাই পৰিচালনা কৰা অসমীয়া সাংস্কৃতিক জগতৰ মহিৰূহ ড° ভূপেন হাজৰিকা , জুবিন গাৰ্গ আৰু প্ৰয়াত সমাজকৰ্মী , সাংবাদিক সঞ্জিত সৰকাৰ , বিহুৱতী নিশামনি হালৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা অনুস্ঠিত হ’য়। কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে টংলাৰ প্ৰেচিডেন্সি কলেজৰ অধ্যক্ষ মোহন শৰ্মা আৰু শিক্ষক তিলক ডেকা । কালি সন্ধিয়া মুকলি বিহুৰ মুখ্যদ্বাৰ উন্মোচন কৰে শেখৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিতেশ্বৰ শৰ্মাই । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও বিহু দল, সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা মুকলি বিহু পৰিৱেশন কৰা হয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande