
শোণিতপুৰ, ১২ মে (হি.স.)। শোণিতপুৰৰ বালিপৰাত ৰাজস্থান আৰু ত্ৰিপুৰাৰ দুই চাইকেল আৰোহী যুৱক উপস্থিত হয়।যুৱক দুজনে বিগত চাৰি বছৰে এনেদৰে চাইকেলেৰে ভাৰত ভ্ৰমণ কৰি কেইবাটাও বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয় বুলি জনায় যুৱকদ্বয়ে । বিশেষকৈ বৰ্তমান সময়ত একাংশ লোকে ড্ৰাগছ প্ৰতি আসক্ত হোৱাৰ লগতে নানাধৰণৰ মানসিক হতাশাত ভূগি আত্মহনন পথ বাচি লয়।
এই বিষয় সমূহৰ বিৰুদ্ধে সজাগতা প্ৰতি লক্ষ্য ৰাখি এই চাইকেল ভ্ৰমণ যাত্ৰা আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।ইয়াৰ উপৰিও প্ৰাকৃতিক পৰিবেশ উপভোগ কৰাৰ বাবেও সকলো ৰাইজক আহ্বান জনায়। উল্লেখ্য যে ৰাজস্থানৰ অভিষেক শৰ্মা আৰু ত্ৰিপুৰাৰ বাপ্পি দেৱনাথে বালিপৰাৰ পৰা টাৱাং অভিমুখে যাত্ৰা কৰে ।লগতে টাৱাঙৰ পৰা আৰু ৫০ কিলোমিটাৰ অতিক্ৰম কৰি পুনৰ উভতি আহিব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে তেখেত সকলে বিদ্যালয় সমূহতো উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক বিষয় সমূহৰ লগতে অন্যান্য বিষয়েও সজাগতা মূলক দিহা পৰামৰ্শৰে সচেতনতাৰ প্ৰয়াস কৰে বুলি উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু