
গোলাঘাট, ১২ মে (হি.স.)। ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰ এনডিএ মিত্ৰযোঁতৰ চৰকাৰে শপত গ্ৰহণ কৰাক কেন্দ্ৰ কৰি মেৰাপানীত বিজেপি সমৰ্থক সকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে আজি শপত বাক্য পাঠ কৰে স্থানীয় বিধায়ক অজন্তা নেওগে। গোলাঘাট বিধানসভা সমষ্টিৰ পৰা একেৰাহে পঞ্চমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হোৱা অজন্তা নেওগ হৈছে ৰাজ্যৰ সৰ্বাধিক সময় ধৰি নিৰ্বাচিত প্ৰথম গৰাকী মহিলা বিধায়ক।
২০০১ চনৰ পৰা ২০১৬ লৈকে কংগ্ৰেছৰ বিধায়ক হিচাপে দায়িত্ব পালন কৰাৰ পিছত ২০২১ আৰু ২০২৬ চনত বিজেপিৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰে তেওঁ। ইতিপূৰ্বে বিত্ত, গড়কাপ্তানি আদি গুৰুত্বপূর্ণ বিভাগৰ মন্ত্ৰী হিচাপে সফলতাৰে দায়িত্ব পালন কৰা অজন্তা নেওগে পুনৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰত মন্ত্ৰিত্ব লাভ কৰাত সমগ্ৰ গোলাঘাট জিলাৰ লগতে মেৰাপানীতো আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। বিশেষকৈ মেৰাপানী টাউনত দেখা গৈছে উৎসৱমুখৰ পৰিৱেশ।
আজি মেৰাপানী টাউনত বিজেপি কৰ্মকৰ্তা আৰু সমৰ্থকসকলে বিজয় আনন্দ উলাহেৰে উদ্যাপন কৰে এই ক্ষণ। আতচবাজীৰে মুখৰিত হৈ উঠে সমগ্ৰ টাউন এলেকা।
ইফালে, মেৰাপানী বজাৰ কমিটি আৰু মেৰাপানী টাউন ক্লাৱৰ উদ্যোগত আয়োজন কৰা হয় বিশেষ আনন্দ উৎসৱ। এই উপলক্ষে মেৰাপানী বজাৰৰ ব্যৱসায়ীসকলৰ লগতে টাউনৰ সাধাৰণ ৰাইজৰ মাজত মিঠাই বিতৰণ কৰা হয়। আনন্দমুখৰ পৰিৱেশত বহু লোক একত্ৰিত হৈ অজন্তা নেওগৰ পুনৰ মন্ত্ৰিত্ব লাভক অভিনন্দন জনায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু