
গুৱাহাটী, ১২ মে (হি.স.)। দ্বিতীয় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাবে আজ ড হিমন্ত বিশ্ব শৰ্মাই শপত লোৱাৰ পিছত সমগ্ৰ ৰাজ্য তথা দেশ বিদেশৰ পৰা বিভিন্নজনে শুভেচ্ছা প্ৰদান কৰিছে ড শৰ্মাক। এ জে পি দলৰ নেতা লুৰণি জ্যোতি গগৈয়েও মুখ্যমন্ত্ৰী শৰ্মাক আজি শুভেচ্ছ জ্ঞাপন কৰে। একশুভেচ্ছা বাৰ্তাত লুৰিণ জ্যোতি গগৈয়ে কয় যে ‘‘অসমৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ দায়িত্ব গ্ৰহণ কৰা ড° হিমন্ত বিশ্ব শৰ্মালৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
গণতন্ত্ৰত চৰকাৰ গঠন এক গুৰুত্বপূৰ্ণ দায়িত্ব; সমানে গুৰুত্বপূৰ্ণ হৈছে জনস্বাৰ্থৰ প্ৰতি অবিৰত সজাগ দৃষ্টি ৰাখি সুস্থ জাতীয় জীৱন সুনিশ্চিত কৰা। অসমৰ ভাষা, সংস্কৃতি, ভূমি, অৰ্থনৈতিক সম্ভাৱনা, সামাজিক সম্প্ৰীতি আৰু যুৱপ্ৰজন্মৰ ভৱিষ্যৎ— এই সকলো বিষয়ত জনতাৰ আশা-আকাংক্ষা পূৰণ হওক, সেয়াই আমাৰ আন্তৰিক কামনা। জনমতৰ ৰায়ক সন্মান জনাই, অসমৰ বৃহত্তৰ স্বাৰ্থৰ সৈতে জড়িত প্ৰতিটো বিষয়ত গঠনমূলক, দায়িত্বশীল আৰু সজাগ ভূমিকা পালন কৰাটো মোৰ কৰ্তব্য বুলি বিশ্বাস কৰোঁ। অসমৰ স্বাৰ্থক সকলোৰে ঊৰ্ধ্বত ৰাখি য’ত প্ৰয়োজন সহযোগিতা আৰু য’ত প্ৰয়োজন প্ৰশ্ন - সেয়া সদায় থাকিব। গণতন্ত্ৰত দায়িত্ব কেৱল শাসনতেই নহয়, জনআস্থাৰ প্ৰতি নিৰন্তৰ দায়বদ্ধতাতো নিহিত থাকে। সেই দায়িত্ববোধেৰেই, অসমৰ মংগল, মৰ্যাদা আৰু এক সুস্থ, শক্তিশালী জাতীয় জীৱনৰ বাবে নতুন চৰকাৰখনে কাম কৰি যাব বুলি আশা ৰাখিলোঁ৷’’
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ