
–বিগত বছৰৰ দৰে এইবাৰো অহা ৬ আৰু ৭ জুনত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে তেজপুৰ লিছু মহোৎসৱ -২০২৬
শোণিতপুৰ, ১১ মে’ (হি.স.)। ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সমাদৃত হোৱা তেজপুৰৰ বিখ্যাত লিছুৰ গুৰুত্ব আৰু মহত্বক আৰু অধিক জনসাধাৰণৰ কাষ চপাই নিয়াৰ লগতে বিশ্বদৰবাৰত সৱলভাৱে প্ৰতিপন্ন কৰাৰ লক্ষ্যৰে যোৱা বছৰৰ পৰা আৰম্ভ কৰা তেজপুৰ লিছু মহোৎসৱ এইবাৰ দ্বিতীয় বাৰৰ বাবে অহা ৬ আৰু ৭ জুন তাৰিখে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ।উল্লেখ্য যে তেজপুৰৰ একাংশ যুৱ উদ্যোগী ,লিছু খেতিয়কৰ বিশেষ তৎপৰতাত জিলা প্ৰশাসনৰ লগতে কৃষি বিভাগ আৰু পৰ্যটন বিভাগৰ সহযোগত বিগত বছৰত সফলতাৰে এই লিছু মহোৎসৱ সম্পন্ন হোৱাৰ পিছত আজি তেজপুৰৰ পৰ্যটন বিভাগৰ প্ৰশান্তি লজৰ সভাকক্ষত বিভিন্ন ক্ষেত্ৰৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এখন সভাই অহা ৬ আৰু ৭ জুন তাৰিখে তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগনত তেজপুৰ লিছু মহোৎসৱ -২০২৬ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
আনহাতে এই উৎসৱ পৰিচালনাৰ বাবে স্থানীয় বিভিন্ন বিভাগৰ বিষয়া আৰু উদ্যোগীসকলক লৈ এখন কাৰ্যবাহী সমিতিও গঠন কৰা হৈছে। উল্লেখ্য যে এই বছৰৰ এই লিছু উৎসৱৰ অন্যতম সহযোগী হিচাপে আগবাঢ়ি আহিছে APEDA অৰ্থাৎ এগ্ৰিকালছাৰেল এণ্ড প্ৰচেছ ফুড প্ৰডাকচ এক্সপ'ৰ্ট ডেভেলপমেন্ট অথৰিটী ।লগতে অসম পৰ্যটন উন্নয়ন নিগমৰ উপৰি নাবাৰ্ডেও এই লিছু মহোৎসৱত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আজি আটাইকেইটা অনুষ্ঠানৰে প্ৰতিনিধিয়ে সভাখনত অংশ গ্ৰহণ কৰাৰ পিছত এই দুদিনীয়া কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী সকলৰ বিশেষ অনুষ্ঠানৰ লগতে শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
ইয়াৰ লগতে ভৱিষ্যতে লিছু উদ্যোগ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ এখন বিদ্যালয়ক বিশেষ সহযোগী হিচাপে লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।শোণিতপুৰৰ জিলা আয়ুক্ত গৰাকীক এই উৎসৱৰ সৰ্বতোপ্ৰকাৰৰ সহযোগিতাৰ বাবে সমিতিয়ে অনুৰোধ জনোৱাৰ সিদ্ধান্তৰ লগতে কাৰ্যসূচী সমূহত লিছু বাগিছা ভ্ৰমণ ,লিছু আৰু লিছুৰ প্ৰক্ৰিয়াজাত সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰী ,আউটড'ৰ বিনোদনমূলক কাৰ্যসূচীৰ উপৰি লিছু বাগিছাৰ পৰাই কৃষকৰ পৰা পোনপটীয়াকৈ সতেজ লিছু ক্ৰয় কৰাৰ সুবিধাও দুদিনীয়া কাৰ্যসূচীত অন্তৰ্ভুক্ত হ'ব । এই লিছু মহোৎসৱৰ বাবে যিকোনো যোগাযোগৰ বাবে 9126665796 নম্বৰ ব্যৱহাৰ কৰিব পাৰিব ।
উল্লেখ্য যে ইতিমধ্যে জি আই টেগ লাভ কৰা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও বিশেষভাৱে প্ৰশংসা কৰা তেজপুৰৰ বিখ্যাত লিছুক কেন্দ্ৰ কৰি এইবাৰ দ্বিতীয়বাৰৰ বাবে আয়োজন কৰিবলৈ লোৱা এই লিছু মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনোৱাৰো আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ