
নগাঁও, ১১ মে’ (হি.স.): নগাঁও জিলাৰ চামগুৰিত ভূ মাফিয়াৰ দপদপনি চলিব ধৰিছে । জাতীয় সংগঠনৰ নেতাক ভূ মাফিয়াই ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে । দীৰ্ঘদিন ধৰি পুৰণিগুদাম আৰক্ষী পহৰা চকীৰ অন্তৰ্গত বিভিন্ন স্থানত ভূ মাফিয়াই অবৈধভাৱে পথাৰৰ মাটি খনন কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ।
ৰাইজৰ অভিযোগৰ ভিত্তিত অসম জাতীয় পৰিষদৰ নগাঁও জিলাৰ যুটীয়া সম্পাদকগৰাকীয়ে নগাঁও জিলাৰ বন বিষয়াৰ ওচৰত লিখিত অভিযোগ দাখিল কৰাৰ পিছতে তেওঁক নানা ধৰণৰ ভাবুকি প্ৰদান কৰা হৈছে বুলি অভিযোগ উটিছে । এই ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উঠিছে জনৈক পাৰ্চ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে । ঘটনা সন্দৰ্ভত যুটীয়া সম্পাদকগৰাকীয়ে চামগুৰি আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছে । অনতি পলমে ভূ মাফিয়াৰ এই চক্ৰ উৎখাত কৰাৰ দাবী জনাইছে অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ