মহানগৰীৰ কটাহবাৰীত যুৱকক হত্যা
গুৱাহাটী,১১ মে (হি.স.)। মহানগৰীৰ কটাহবাৰীত সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ বিষয়ে পোহৰলৈ আহিছে। ৰডেৰে মৰিয়াই মৰিয়াই হত্যা আবু তালেব নামৰ এজন যুৱকক। হত্যাকাৰী আমিৰ আলি আৰু হামিদা খাতুন নামৰ এক দম্পত্তি। বিগত ৪ মেত ধুবুৰীৰ পৰা গুৱাহাটীলৈ মাতি আনিছিল হত্যা
মহানগৰীৰ কটাহবাৰীত যুৱকক হত্যা


গুৱাহাটী,১১ মে (হি.স.)। মহানগৰীৰ কটাহবাৰীত সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ বিষয়ে পোহৰলৈ আহিছে। ৰডেৰে মৰিয়াই মৰিয়াই হত্যা আবু তালেব নামৰ এজন যুৱকক। হত্যাকাৰী আমিৰ আলি আৰু হামিদা খাতুন নামৰ এক দম্পত্তি। বিগত ৪ মেত ধুবুৰীৰ পৰা গুৱাহাটীলৈ মাতি আনিছিল হত্যাকাণ্ডৰ বলী যুৱক জনক।

হত্যা কৰি দীপৰ বিলত পেলাই দিছিল মৃতদেহটো। ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষী অনুসন্ধান চলাই ঘাটক দম্পত্তিক আজি গ্ৰেপ্তাৰ কৰে আৰু দীপৰ বিলৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে। প্ৰেম জনিত কাৰণত হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande