
- এমএনৰেগাৰ ঠাইত নতুন আইন আহিব, অভিলেখ বাজেট আবণ্টন ₹৯৫,৬৯২ কোটি; পুৰণি জব কাৰ্ড বৈধ হৈ থাকিব
নতুন দিল্লী, ১১ মে’ (হি.স.)। গ্ৰাম্য উন্নয়ন আৰু নিয়োগক এক নতুন দিশ দিয়াৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিকাশিত ভাৰত-নিয়োগ আৰু জীৱিকা অভিযানৰ নিশ্চয়তা (গ্ৰামিন) বা বিকাশ ভাৰত (ভিবি)-জি ৰামজী আইন, ২০২৫ক প্ৰণয়ন কৰিছে। এই নতুন আইনখন ২০২৬ চনৰ ১ জুলাইৰ পৰা সমগ্ৰ দেশৰ গ্ৰাম্য অঞ্চলত কাৰ্যকৰী কৰা হ’ব, আৰু ইয়াৰ লগে লগে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (MGNREGA), ২০০৫ বাতিল কৰা বুলি গণ্য কৰা হ’ব।
চৰকাৰৰ মতে, নতুন আইনখনৰ অধীনত প্ৰতিখন গ্ৰাম্য পৰিয়ালত যিসকল প্ৰাপ্তবয়স্ক সদস্যই অদক্ষ হাতৰ শ্ৰম কৰিবলৈ ইচ্ছুক, তেওঁলোকক প্ৰতিটো বিত্তীয় বৰ্ষত ১২৫ দিনৰ বিধিগত কৰ্মসংস্থাপনৰ নিশ্চয়তা প্ৰদান কৰা হ’ব। বৰ্তমান এমএনৰেগাই ১০০ দিনৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিছে। গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে এই আইনখন উন্নত ভাৰত@২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি গ্ৰাম্য উন্নয়নক অধিক অন্তৰ্ভুক্ত, উৎপাদনশীল, আৰু ভৱিষ্যতমুখী কৰাৰ দিশত এক ডাঙৰ পদক্ষেপ।
এই আইনখনে নিয়োগ বিচৰা শ্ৰমিকসকলক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কামৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়ে। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাম বিচাৰি নোপোৱা শ্ৰমিকসকলে নিবনুৱা ভাট্টা লাভৰ যোগ্যতা অৰ্জন কৰিব। মজুৰি প্ৰদান ব্যৱস্থাটোও অধিক স্বচ্ছ আৰু সময়োপযোগী কৰি তোলাৰ দাবী চৰকাৰে। ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ (ডিবিটি)ৰ জৰিয়তে পোনপটীয়াকৈ বেংক বা ডাকঘৰৰ একাউণ্টত মজুৰি প্ৰদান কৰা হ’ব। মাষ্টাৰ ৰোল বন্ধ হোৱাৰ ১৫ দিনৰ ভিতৰত ধন পৰিশোধ নকৰিলে শ্ৰমিকসকলে বিলম্বৰ ক্ষতিপূৰণ লাভ কৰিব।
কেন্দ্ৰীয় চৰকাৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে এই আঁচনিৰ বাবে ₹৯৫,৬৯২.৩১ কোটি বাজেটত আবণ্টন দিছে, যিটো গ্ৰাম্য নিয়োগ কাৰ্যসূচীৰ বাবে এতিয়ালৈকে সৰ্বাধিক প্ৰাৰম্ভিক আবণ্টন বুলি কোৱা হৈছে। ৰাজ্যিক অংশীদাৰিত্বকে ধৰি মুঠ ব্যয় ₹১.৫১ লাখ কোটিতকৈ অধিক হ’ব বুলি অনুমান কৰা হৈছে। চৰকাৰে স্পষ্ট কৰি দিছে যে এমএনৰেগাৰ পৰা নতুন ব্যৱস্থালৈ পৰিৱৰ্তন নিৰৱচ্ছিন্ন হ’ব। চলি থকা সকলো এমএনৰেগাৰ কাম ২০২৬ চনৰ ৩০ জুনলৈকে চলি থাকিব, আৰু পৰৱৰ্তী সময়ত নতুন আইনখনৰ অধীনত অন্তৰ্ভুক্ত কৰা হ’ব।
নতুন গ্ৰাম্য নিয়োগ নিশ্চয়তা কাৰ্ড প্ৰদান নকৰালৈকে বৰ্তমানৰ ই-কেৱাইচি পৰীক্ষিত এমএনৰেগা জব কাৰ্ড বৈধ হৈ থাকিব। কেৱল পেণ্ডিং ই-কেৱাইচিৰ ভিত্তিত কোনো শ্ৰমিকক কৰ্মসংস্থাপনৰ পৰা বঞ্চিত কৰা নহ’ব বুলিও চৰকাৰে উল্লেখ কৰিছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে উল্লেখ কৰে যে এই আইনখন কাৰ্যকৰী ৰূপায়ণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগত আলোচনা কৰি বিভিন্ন খচৰা নিয়ম প্ৰস্তুত কৰা হৈছে। ইয়াৰ ভিতৰত অভিযোগ নিৰাময়, মজুৰি প্ৰদান, প্ৰশাসনিক খৰচ, আৰু পৰিৱৰ্তনশীল বিধানৰ সৈতে জড়িত নিয়মসমূহ অন্তৰ্ভুক্ত।
চৰকাৰে উল্লেখ কৰিছে যে এই নতুন আইনখনে গ্ৰাম্য নিয়োগ সৃষ্টি, আন্তঃগাঁথনি উন্নয়ন, আৰু গাঁৱত আত্মনিৰ্ভৰশীলতাক নতুন গতি প্ৰদান কৰিব, আৰু গ্ৰাম পঞ্চায়তসমূহক গ্ৰাম্য পৰিৱৰ্তনৰ কেন্দ্ৰীয় স্তম্ভ হিচাপে শক্তিশালী কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া