
কাঠমাণ্ডু, ১১ মে’ (হি.স.)। নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আজি পুৱা অৱতৰণ কৰাৰ সময়ত তুৰ্কী এয়াৰলাইন্সৰ এখন বিমানত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণলৈ আনে। যাত্ৰী আৰু ক্ৰু সদস্যসকলক নিৰাপদে উলিয়াই অনা হয়, আৰু কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই। নেপালৰ অসামৰিক বিমান পৰিবহণ প্ৰাধিকৰণৰ তথ্য বিষয়া জ্ঞানেন্দ্ৰ ভূলে এই কথা নিশ্চিত কৰিছে।
অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ তথ্য বিষয়া ভুলৰ মতে, জৰুৰীকালীন দুৱাৰ খুলি যাত্ৰীসকলক খালী কৰা হয়। চাৰিটা শিশুকে ধৰি ২৭৭জন যাত্ৰী আছিল বিমানখনত। উদ্ধাৰৰ সময়ত সামান্য আহত হয় একাংশ যাত্ৰী। ইস্তানবুলৰ পৰা কাঠমাণ্ডুত উপস্থিত হোৱা টি কে ৭২৬ বিমানখনৰ চকাত আজি পুৱা প্ৰায় ৬:৪৫ বজাত অৱতৰণৰ সময়ত জুই লাগে।
ৰাণৱেত বিমানখন স্থবিৰ হৈ পৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমানৰ যাতায়ত ব্যাহত হৈ পৰে । সম্প্ৰতি কাঠমাণ্ডুৰ ওপৰেৰে দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়াৰ এআই ২১৫ আৰু শ্বাৰজাহৰ পৰা জি৯ ৫৩৬ বিমান সেৱা স্থগিত ৰখা হৈছে। ভূটানৰ পাৰোৰ পৰা ড্ৰুক এয়াৰৰ বিমান, ডুবাইৰ পৰা ফ্লাই ডুবাইৰ বিমান, কুৱালালামপুৰ আৰু গুৱাংঝুৰ পৰা নেপাল এয়াৰলাইন্সৰ বিমান সেৱাও স্থগিত ৰখা হৈছিল ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া