কাইলৈ ড. হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰখনে লব শপত, খানাপাৰাত প্ৰস্তিত প্ৰায় সম্পন্ন
ভিভিআইপি, ভিআইপিৰে ভৰি পৰিব গুৱাহাটী, কটকটীয়া নিৰাপত্তা ব্যৱস্থা খানাপাৰাত গুৱাহাটী, ১১ মে'' (হি.স.)। কাইলৈ মুখ্যমন্ত্ৰী তথা নতুন চৰকাৰখনে শপত গ্ৰহণ কৰিব। মহানগৰীৰ খানাপাৰা পশু চিকিতসা মহাবিদ্যালয় খেলপথাৰৰ বাকৰিত কেইবাহাজাৰ জনতাৰ সন্মুখত দেশৰ প্ৰধ
মহানগৰীক সুন্দৰকৈ সজাই পৰাই তোলাত ব্য়স্ত শ্ৰমিক


ভিভিআইপি, ভিআইপিৰে ভৰি পৰিব গুৱাহাটী, কটকটীয়া নিৰাপত্তা ব্যৱস্থা খানাপাৰাত

গুৱাহাটী, ১১ মে' (হি.স.)। কাইলৈ মুখ্যমন্ত্ৰী তথা নতুন চৰকাৰখনে শপত গ্ৰহণ কৰিব। মহানগৰীৰ খানাপাৰা পশু চিকিতসা মহাবিদ্যালয় খেলপথাৰৰ বাকৰিত কেইবাহাজাৰ জনতাৰ সন্মুখত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰায় ২০ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী দেশৰ বিভিন্নজন ভিভিআইপি তথা ভি আই পিয়ে খানাপাৰাত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাকে ধৰি তেওঁৰ মন্ত্ৰী সভাই লবলগীয়া শপতগ্ৰহণত অংশগ্ৰহণ কৰিব আৰু চৰকাৰখনক শুভেচ্ছা প্ৰদান কৰিব।

খানাপাৰা খেলপথাৰে পুনৰ এবাৰ সাক্ষী হৈ ৰৱ এক ঐতিহাসিক ক্ষণৰ। কিয়নো তৃতীয় বাৰৰ বাবে বিজেপি মিত্ৰজোঁটে ৰাজ্যত চৰকাৰ গঠন কৰিছে যদিও এইবাৰ বিজেপি দলে অভিলেষ হাৰত ভোট লাভ কৰি অকলেই ৮২ খন আখনত বিজয়ী হবলৈ সক্ষম হৈছে। সেয়েহে শাসকীয় দলটোৰ বাবেও এই শপতগ্ৰহণ অনুষ্ঠান বিশেষ হব। যিহেতু খানাপাৰালৈ সিদিনাখন প্ৰধানমন্ত্ৰীৰ আগমণ হব সেই বাবে খানাপাৰা খেলপথাৰখন ইতিমধ্যে এছ পি জিক হস্তান্তৰ কৰা হৈছে। এতিয়া এছ পি জিৰ নিৰাপত্তা বেহুত পৰিণত হৈছে খানাপাৰা খেলপথাৰ। ইফালে উক্ত দিনটোত যাতে আইন শৃংখলা ব্যৱস্থাত কোনো সুৰুঙা ৰৈ নাযায় তাৰ বাবে আৰক্ষী প্ৰশাসনে সমগ্ৰ মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

ইয়াৰ সমান্তৰালভাৱে সমগ্ৰ গুৱাহাটীকে ন ৰূপত সজোৱাৰ বাবে দিনে নিশাই বনুৱাই কাম কৰি আছে। পদ পদপথসমূহত নতুনকৈ তেল চূণ ৰং সানি সুন্দৰকৈ সজোৱা হৈছে তথা ন ন আলোকসজ্জাৰে গুৱাহাটীক আলোকিত কৰাৰ বাবেও বনুৱাই কাম কৰি আছে। মহানগৰীত যেন এতিয়া নতুন চৰকাৰখনক লৈ এক উতসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। উল্লেখ্য যে ১২ মে’ৰ পুৱা ১০.১৫ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। ১১ বজাত শপত গ্ৰহণ অনুষ্ঠানত ভাগ ল’ব মোদীয়ে। শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনো উপস্থিত থাকিব শপতগ্ৰহণ অনুষ্ঠানত। এন ডি এ-শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী উপস্থিত থাকিব অসমৰ শপতগ্ৰহণ অনুষ্ঠানত। কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব শপতগ্ৰহণ অনুষ্ঠানত। এই শপত গ্ৰহণ অনুষ্ঠানত লক্ষাধিক লোক উপস্থিত থাকিব বুলি সদৰী কৰিছে ৰাজ্যিক বিজেপিৰ শীৰ্ষ সূত্ৰই। এতিয়া ১২ মে লৈ অপেক্ষা সকলোৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande