




শোণিতপুৰ, ১১ মে’ (হি.স.)। “সোমনাথ স্বাভিমান পৰ্ব – ১০০০ বছৰ অখণ্ড বিশ্বাস (অটুট আস্থা)”ৰ দেশজোৰা সমন্বিত উদযাপনৰ অংশ হিচাপে আজি শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰৰ ঐতিহাসিক শ্ৰীশ্ৰী মহাভৈৰৱ মন্দিৰত এক অনুষ্ঠান উদযাপন কৰা হয়। দেশজোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি তেজপুৰত আজিৰ কাৰ্যসূচী ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী আয়োজন কৰা হয়।
গুজৰাটৰ পৱিত্ৰ সোমনাথ মন্দিৰত অনুষ্ঠিত মূল অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তেজপুৰৰ শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰত অনুষ্ঠিত কাৰ্যসূচীত শোণিতপুৰৰ জিলা আয়ুক্ত তথা মন্দিৰ পৰিচালনা সমিতিৰ অধ্যক্ষ শ্ৰী আনন্দ কুমাৰ দাসৰ লগতে মন্দিৰ পৰিচালনা সমিতিৰ সদস্যবৃন্দ, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, ভক্ত প্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। উদযাপনৰ অংশ হিচাপে মন্দিৰ চৌহদৰ পৱিত্ৰ কুঁৱাৰ পৰা জল সংগ্ৰহ কৰি মন্দিৰ প্ৰাঙ্গণ পৰিভ্ৰমণ কৰে আৰু এক পৰম্পৰাগত জল কলশ যাত্ৰা উলিওৱা হয়।
শোভাযাত্ৰাৰ অন্তত ভক্তিমূলক পৰিৱেশ আৰু পৱিত্ৰ মন্ত্ৰোচ্চাৰণৰ মাজত গৰ্ভগৃহত অৱস্থিত শিৱলিঙ্গত জলাভিষেক সম্পন্ন কৰা হয়। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত গুজৰাটৰ সোমনাথ মন্দিৰত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানটো মহাভৈৰৱ মন্দিৰ প্ৰাঙ্গণত ভক্ত আৰু উপস্থিত লোকসকলৰ বাবে পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। ভক্তসকলে উৎসাহেৰে এই ঐতিহাসিক অনুষ্ঠান উপভোগ কৰাৰ লগতে সামূহিক প্ৰাৰ্থনা আৰু আধ্যাত্মিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসে গণ্যমান্য ব্যক্তি, বিষয়া-কৰ্মচাৰী আৰু ভক্তসকলৰ সৈতে শিৱ মন্ত্ৰোচ্চাৰণ আৰু বন্দনাত অংশগ্ৰহণ কৰি আধ্যাত্মিক ঐক্য আৰু সামূহিক ভক্তিভাৱৰ প্ৰতীক ৰূপে অংশীদাৰ হয়। সোমনাথৰ চিৰন্তন আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যক স্মৰণ কৰাৰ লগতে জনসাধাৰণৰ মাজত বিশ্বাস, সম্প্ৰীতি আৰু সাংস্কৃতিক চেতনাৰ চিৰন্তন মূল্যবোধ অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হয় ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ