জনসাধাৰণৰ ওচৰতহে সাংবাদিকতা জবাবদিহি হোৱা প্ৰয়োজন -সংগীতা বৰুৱা পিশাৰটী
~ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ৰূপালী জয়ন্তীৰ বক্তৃতা অনুষ্ঠানত প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ সভাপতিৰ অংশগ্ৰহণ ~নাগৰিকৰ বাবে সংবাদ মাধ্যমৰ স্বাধীনতা কিয় গুৰুত্বপূৰ্ণ শীৰ্ষক বিষয়ত মনোজ্ঞ ভাষণ শোণিতপুৰ ১১ মে’ (হি.স.)। ভাৰত
জনসাধাৰণৰ ওচৰতহে সাংবাদিকতা জবাবদিহি হোৱা প্ৰয়োজন --সংগীতা বৰুৱা পিশাৰটী


জনসাধাৰণৰ ওচৰতহে সাংবাদিকতা জবাবদিহি হোৱা প্ৰয়োজন --সংগীতা বৰুৱা পিশাৰটী


~ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ৰূপালী জয়ন্তীৰ বক্তৃতা অনুষ্ঠানত প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ সভাপতিৰ অংশগ্ৰহণ

~নাগৰিকৰ বাবে সংবাদ মাধ্যমৰ স্বাধীনতা কিয় গুৰুত্বপূৰ্ণ শীৰ্ষক বিষয়ত মনোজ্ঞ ভাষণ

শোণিতপুৰ ১১ মে’ (হি.স.)। ভাৰতবৰ্ষৰ অন্যতম শীৰ্ষ উচ্চ শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ৰূপালী জয়ন্তীৰ উপলক্ষে আয়োজন কৰা বক্তৃতামালাৰ অংশ হিচাপে “নাগৰিকৰ বাবে সংবাদ মাধ্যমৰ স্বাধীনতা কিয় গুৰুত্বপূৰ্ণ” শীৰ্ষক এক বিশেষ অনুষ্ঠান আজি আয়োজন কৰা হয়। এই অনুষ্ঠানত বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ প্ৰথম মহিলা সভাপতি সংগীতা বৰুৱা পিশাৰটীয়ে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি পিশাৰটীয়ে সাংবাদিকতাৰ গণতান্ত্ৰিক ভূমিকা ব্যাখ্যা কৰি কয় যে, সাংবাদিকতা প্ৰতিষ্ঠানৰ মালিকৰ ওচৰত নহয়, কেৱল জনসাধাৰণৰ ওচৰতহে জবাবদিহি হ’ব লাগিব।”

অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰি গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী ড° মনোজ দেউৰীয়ে এই অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰে। তেওঁ কয় যে, বিভাগটোৱে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে গণসংযোগ আৰু সাংবাদিকতাৰ মূল ক্ষেত্ৰসমূহ প্ৰতিফলিত কৰি একাধিক অনুষ্ঠানৰ আয়োজন কৰিছে। লগতে, বৰ্তমানৰ পৰিৱৰ্তিত সংবাদ মাধ্যম জগতখনৰ সৈতে শিক্ষাৰ্থীসকলক খাপ খুৱাবলৈ অৰ্থপূৰ্ণ উদ্যোগ আৰু শিক্ষা প্ৰতিষ্ঠান সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ আলোকপাত কৰে।

উপস্থিত লোকসকলক সম্বোধন কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে বিশিষ্ট সাংবাদিকগৰাকীক আদৰণি জনাই বৰ্তমান সময়ত ভুৱা খবৰ, বিভ্ৰান্তিকৰ তথ্য আৰু দ্ৰুতভাৱে পৰিৱৰ্তিত তথ্য পৰিৱেশে সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহৰ বিষয়ে মত প্ৰকাশ কৰে। সংবাদ মাধ্যম সাক্ষৰতা আৰু নৈতিক সাংবাদিকতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে, এখন সচেতন সমাজৰ বাবে বিশ্বাসযোগ্য আৰু স্বাধীন সংবাদ মাধ্যমৰ অতিকৈ প্ৰয়োজনীয়। নিজৰ মুখ্য ভাষণত সংগীতা বৰুৱা পিশাৰটীয়ে সাংবাদিকতাৰ গণতান্ত্ৰিক তাৎপৰ্য আৰু নাগৰিকৰ প্ৰতি সংবাদ মাধ্যমৰ দায়িত্বৰ বিষয়ে বিশদভাৱে আলোচনা কৰে।

তেওঁ কয়, “নাগৰিকক সেৱা আগবঢ়াবলৈ সাংবাদিকসকলে প্ৰশ্ন কৰাটো এটা কৰ্তব্য। সাংবাদিকতা যে জনস্বাৰ্থৰ সৈতে জড়িত এক কাৰ্য, সেয়া বুজাটো বৰ্তমান সময়ত অত্যন্ত জৰুৰী।” তেওঁ লগতে সাংবাদিকতাৰ ওপৰত জনসাধাৰণৰ আস্থাৰ কম হৈ অহাৰ সম্পৰ্কেও মত প্ৰকাশ কৰি কয় যে, তথ্যৰ প্ৰবাহ ক্ৰমাৎ বৃদ্ধি আৰু মেৰুকৃত হৈ পৰা এই সময়ত সাংবাদিকতাৰ বিশ্বাসযোগ্যতা, জবাবদিহিতা আৰু আস্থা পুনৰুদ্ধাৰ কৰাটো অত্যন্ত প্ৰয়োজন। অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰী, গৱেষক, অধ্যাপক - অধ্যাপিকা আৰু সংবাদ মাধ্যম বিষয়ৰ ওপৰত উৎসাহী ব্যক্তি সকলে অংশগ্ৰহণ কৰে লগতে মুখ্যবক্তাগৰাকীৰ সৈতে এক মত-বিনিময় পৰ্বত অংশগগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande