
যোৰহাট, ১১ মে (হি.স.)। টীয়কৰ কাৱৈমাৰী গোঁহাই গাঁৱৰ দুকুৰিৰো অধিক ছাত্ৰ-ছাত্ৰীক আৰ্থিক অনুদানসহ সম্বৰ্ধনা জনালে কল্পনা গ্ৰুপে ।
এসময়ত টীয়কৰ কাৱৈমাৰী গোঁহাই গাঁৱৰ পৰা কৰ্মসংস্থান বিচাৰি ওলাই গৈ গুৱাহাটী মহানগৰত ট্ৰেকাৰ চলাই জীৱন যুদ্ধ আৰম্ভ কৰা প্ৰাঞ্জল দাস নামৰ এজন যুৱকে গঢ় দিয়া কল্পনা গ্ৰুপ আজি অসমৰ ডিজিটেল প্ৰিন্টিং জগতৰ এক চিনাকী নাম।বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় অৰ্ধশতাধিক যুৱকক কৰ্মসংস্থাপন প্ৰদান কৰা এই কল্পনা গ্ৰুপৰ উদ্যোগত টীয়কৰ ২নং কাৱৈমাৰী গোঁহাই গাঁৱৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উৰ্ত্তীণ হোৱা ছাত্ৰ- ছাত্ৰীসকলৰ বাবে কালি এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
নিজা জন্মভূমিৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি এইজন উদিয়মান যুৱকে আৰ্থিক দৈনতাই যাতে অধ্যয়নত বাধা সৃষ্টি কৰিব নোৱাৰে তাৰ উদ্দশ্যে গাঁৱখনৰ প্ৰায় দুকুৰি ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে আৰ্থিক অনুদানসহ মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰু আগলৈও এইদৰে সাধ্য অনুসৰি সহায়ৰ হাত আগবঢ়াই যোৱাৰ সংকল্প লয়।উক্ত অনুষ্ঠানত টীয়কৰ কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ তথা ব্যক্তি উপস্থিত থাকি কল্পনা গ্ৰুপৰ এই পদক্ষেপক আদৰণি জনাই আৰু কেৱল নিজৰ কথা, নিজৰ ব্যৱসায়তে ব্যস্ত নাথাকি নিজৰ গাঁৱখনৰ বাবে, সমাজৰ বাবে কিবা এটা কৰাৰ উদ্দেশ্য আগত ৰাখি নিস্বাৰ্থভাৱে ওলাই অহা কল্পনা গ্ৰুপৰ সঞ্চালক প্ৰাঞ্জল দাসৰ শলাগ লয় সকলোৱে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু