
হায়দৰাবাদ, ১১ মে’(হি.স.)। হায়দৰাবাদত সংঘটিত পথ দুৰ্ঘটনাত তেলেগু অভিনেতা ভাৰত কান্তৰ মৃত্যু হয়। দুৰ্ঘটনাটোৰ সময়ত তেওঁৰ লগত থকা চিনেমাট’গ্ৰাফাৰ জি চাই ত্ৰিলোকৰো এই দুৰ্ঘটনাত মৃত্যু হোৱা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।
আৰক্ষীৰ মতে, হায়দৰাবাদৰ আউটাৰ ৰিং ৰোডৰ আদিবাটলা থানা এলেকাত সংঘটিত হয় এই দুৰ্ঘটনা। অভিনেতাজনৰ গাড়ীখনে এক্সাইট ১২ৰ সমীপত এখন ট্ৰাকৰ সৈতে খুন্দা মৰাৰ ফলত ৩১ বছৰীয়া ভাৰত কান্ত আৰু জি ছাই ত্ৰিলোকৰ থিতাতে নিহত হয়।
মূলতঃ নেল্লোৰৰ ভাৰত কান্ত এজন অভিনেতা, নৃত্যশিল্পী আৰু কন্টেন্ট ক্ৰিয়েটৰ আছিল। ২০২১ চনত পৰিচালক চেন্না নাৰায়ণৰ গ্ৰামম ছবিৰ জৰিয়তে তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰে। ২০২৪ চনত তেওঁ টেনেণ্টত অভিনয় কৰিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ