তামুলপুৰত আৰক্ষীৰ অভিযানত অপহৰণকাৰী সহ নিৰুদ্দিষ্ট কিশোৰী উদ্ধাৰ
তামুলপুৰ, ১১মে (হি.স.)। তামুলপুৰ আৰক্ষীৰ তীব্ৰ অভিযানত অৱশেষত উদ্ধাৰ হ’ল বিগত ৮ মে’ৰ পৰা নিৰুদ্দেশ হৈ থকা অষ্টম শ্ৰেণীৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী। নগাঁৱৰ ছাহজাহান আলি নামৰ এজন লম্পটে কিশোৰী গৰাকীক ফুচুলাই আৰু ভয়-ভাবুকি দি অপহৰণ কৰাৰ অভিযোগত নাগ্ৰীজ
তামুলপুৰত আৰক্ষীৰ অভিযানত অপহৰণকাৰী সহ নিৰুদ্দিষ্ট কিশোৰী উদ্ধাৰ


তামুলপুৰ, ১১মে (হি.স.)। তামুলপুৰ আৰক্ষীৰ তীব্ৰ অভিযানত অৱশেষত উদ্ধাৰ হ’ল বিগত ৮ মে’ৰ পৰা নিৰুদ্দেশ হৈ থকা অষ্টম শ্ৰেণীৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী। নগাঁৱৰ ছাহজাহান আলি নামৰ এজন লম্পটে কিশোৰী গৰাকীক ফুচুলাই আৰু ভয়-ভাবুকি দি অপহৰণ কৰাৰ অভিযোগত নাগ্ৰীজুলি আৰু তামুলপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই কালি নিশা অভিযুক্তক আটক কৰাৰ লগতে কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ধৃত ছাহজাহান আলিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১৩৭(২) আৰু ১৪২ ধাৰাৰ অধীনত ৮৪/২৬ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে বৰ্তমান অধিক সোধাপোচা অব্যাহত ৰাখিছে। ইফালে, এই জঘন্য কাৰ্যৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই। সংগঠনটোৱে অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি সমাজত এক নিদৰ্শন দাঙি ধৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে। এই সমগ্ৰ ঘটনাই বৰ্তমান অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande