
বঙাইগাঁও, ১১ মে (হি.স.)। বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং নোৱাপাৰাৰ মানাহ নৈৰ ওচৰত ১১০০০ ভ'ল্টৰ বিদ্যুৎ পৰিবাহী তাৰ চুৰিৰ অভিযোগত ৰাইজে দুজনক আৱদ্ধ কৰি গোটাই দিলে আৰক্ষীক।ধৃত চোৰ দুজন তিলপুখুৰীৰ বুলি জানিব পৰা গৈছে।চোৰ দুজন ক্ৰমে ছালাম উদ্দিন (১৮) মিৰ হুছেইন (২২)জব্দ এ এছ ০১ এ এক্স ৫১১০ নম্বৰৰ হিৰো মটৰ চাইকেল, চুৰি কৰি নিয়া তাৰ।
প্ৰাপ্ত খবৰ অনুসৰি, ১ নং নোৱাপাৰাৰ মানাহ নৈৰ পাৰত থকা বিদ্যুতৰ খুঁটাৰ পৰা কেতিয়াবাৰ পৰাই এটা দুষ্ট চক্ৰই তাৰ চুৰি কৰি আহিছিল। কালি নিশা সন্দেহজনকভাৱে দুজন যুৱকে অঞ্চলটোত নিশা প্ৰৱেশ কৰি ১১০০০ ভ'ল্টৰ লাইনৰ পৰা তাৰ কাটি নিয়াৰ চেষ্টা কৰোতেই স্থানীয় সজাগ ৰাইজে তেওঁলোকক ঘেৰি ধৰে। ৰাইজৰ তৎপৰতাত চোৰ দুজনে পলায়ন কৰিবলৈ সক্ষম নহ’ল আৰু অৱশেষত ৰাইজে তেওঁলোকক আৱদ্ধ কৰি মাণিকপুৰ আৰক্ষীক গতাই দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ