তামিলনাডুঃ কনিষ্ঠতম মুখ্যমন্ত্ৰীৰ তালিকাত যোগদান জোচেফ বিজয়
চেন্নাই, ১১ মে’ (হি.স.)। তামিলনাডুৰ ৰাজনীতিত দেওবাৰে এক নতুন যুগ আৰম্ভ হ’ল যেতিয়া অভিনেতা-ৰাজনীতিবিদলৈ পৰিণত হোৱা জোচেফ বিজয়ে ৰাজ্যখনৰ ১৮ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ লগে লগে তেওঁ তামিলনাডুৰ পঞ্চম কনিষ্ঠতম মুখ্যমন্ত্ৰী হিচাপে প
List of all Chief Ministers of Tamil Nadu


চেন্নাই, ১১ মে’ (হি.স.)। তামিলনাডুৰ ৰাজনীতিত দেওবাৰে এক নতুন যুগ আৰম্ভ হ’ল যেতিয়া অভিনেতা-ৰাজনীতিবিদলৈ পৰিণত হোৱা জোচেফ বিজয়ে ৰাজ্যখনৰ ১৮ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ লগে লগে তেওঁ তামিলনাডুৰ পঞ্চম কনিষ্ঠতম মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়। এই সাফল্যক তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হয় কাৰণ তেওঁ নিজৰ দল তামিলনাডু ভেট্টি কাঝাগাম প্ৰতিষ্ঠা কৰাৰ মাত্ৰ দুবছৰৰ ভিতৰতে ক্ষমতালৈ আহিছিল।

তামিলনাডুৰ ৰাজনৈতিক ইতিহাসত ১৮ গৰাকী নেতাই মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছে। কনিষ্ঠতম মুখ্যমন্ত্ৰীৰ অভিলেখ জে জয়াললিতাৰ হাতত। ১৯৯১ চনত মাত্ৰ ৪৩ বছৰ বয়সতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি ইতিহাস ৰচনা কৰিছিল জয়ললিতা ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰীও আছিল আৰু দীৰ্ঘদিন ধৰি তামিলনাডুৰ অন্যতম প্ৰভাৱশালী নেত্ৰী হিচাপে গণ্য কৰা হৈছিল।

কনিষ্ঠতম মুখ্যমন্ত্ৰীৰ তালিকাত দ্বিতীয় স্থানত আছে দ্ৰাবিড় ৰাজনৈতিক প্ৰসিদ্ধ নেতা এম. কৰুণানিধি। তেওঁ ৪৪ বছৰ বয়সত মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰে। তৃতীয় স্থানত ৫০ বছৰ বয়সত মুখ্যমন্ত্ৰী পদ গ্ৰহণ কৰা অ’ পান্নীৰচেলভাম।

প্ৰাক্তন মুখ্যমন্ত্ৰী কে কামৰাজ ৫১ বছৰ বয়সতে মুখ্যমন্ত্ৰী হৈছিল। এতিয়া ৫১ বছৰ বয়সত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি জোচেফ বিজয়ো এই তালিকাত যোগদান কৰিছে। কিন্তু তেওঁলোকৰ বয়সৰ সত্ত্বেও কামৰাজক তেওঁতকৈ আগত স্থান লাভ কৰিছে।

তদুপৰি বিশিষ্ট দ্ৰাবিড় আন্দোলনৰ নেতা চি.এন. আন্নাদুৰাই ৫৭ বছৰ বয়সত মুখ্যমন্ত্ৰী হোৱাৰ বিপৰীতে জনপ্ৰিয় অভিনেতা-ৰাজনীতিবিদ এম.জি. ৰামচন্দ্ৰনে ৬০ বছৰ বয়সত ৰাজ্যৰ বাঘজৰী দখল কৰে।

শেহতীয়া বছৰবোৰত মুখ্যমন্ত্ৰী হোৱা নেতাসকলৰ সন্দৰ্ভত এদাপ্পাদী কে পালানিস্বামীয়ে ৬২ বছৰ বয়সত মুখ্যমন্ত্ৰী হোৱাৰ বিপৰীতে এম.কে. ষ্টেলিনে ৬৮ বছৰ বয়সত এই পদ গ্ৰহণ কৰে।

তামিলনাডুৰ ৰাজনৈতিক ইতিহাসত কে কামৰাজক তেওঁৰ সৰলতা, প্ৰশাসনিক ক্ষমতা, শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অতিশয় সন্মান কৰা হয়। তেওঁক শিক্ষাৰ চকু মেলি দিয়া নেতা হিচাপে স্মৰণ কৰা হয়।

ইফালে, চি.এন. আন্নাদুৰাইয়ে তামিলনাডুৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন আনি কংগ্ৰেছক ক্ষমতাৰ পৰা উৎখাত কৰি প্ৰথমবাৰৰ বাবে দ্ৰাবিড় মুনেত্ৰ কাঝাগম (ডি এম কে)ক ক্ষমতালৈ আনে। মৃত্যুৰ পিছত এম কৰুণানিধি দীৰ্ঘদিন ধৰি ৰাজ্যৰ অন্যতম প্ৰভাৱশালী নেতা হৈয়েই থাকে।

এতিয়া জোচেফ বিজয়ৰ প্ৰৱেশক তামিলনাডুৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তনৰ লক্ষণ হিচাপে দেখা গৈছে। চলচ্চিত্ৰ জগতত জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছত তেওঁৰ ৰাজনীতিত দ্ৰুত উত্থান আৰু ইমান কম সময়ৰ ভিতৰতে ক্ষমতালৈ অহাটোৱে ৰাজ্যৰ ৰাজনীতিত এক নতুন উদাহৰণ হিচাপে বিবেচিত হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande