তামাৰহাটত ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণকাৰী সংস্থাৰ কৰ্মকাণ্ডৰ প্ৰতিক্ৰিয়া
তামাৰহাটত ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণকাৰী সংস্থাৰ বিৰুদ্ধে এগৰাকী বিজেপিৰ নেতাই জিলা আয়ুক্ত কাষ চপাৰ সিদ্ধান্ত ।
তামাৰহাটত ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণকাৰী সংস্থাৰ কৰ্মকাণ্ডৰ প্ৰতিক্ৰিয়া


ধুবুৰী, ১১ মে’ (হি.স.): ধুবুৰী জিলাৰ তামাৰহাটত ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণকাৰী সংস্থাৰ কৰ্ম কাণ্ডই অতিষ্ঠ কৰি তুলিছে সাধাৰণ ৰাইজক । প্ৰায় দুবছৰ ধৰি সংস্থাটোৱে ১২৭ (বি) ৰাষ্ট্ৰীয় ঘাইপথৰ ড্ৰেইন (নলা) নিৰ্মাণৰ নামত চলাই আছে মইমতালি । নিৰ্মাণৰত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত তথা তামাৰহাট বজাৰৰ মাজমজিয়াত থকা বিদ্যুতৰ খুটা স্থানান্তৰ নকৰাকৈ বেকা আৰু ঠেককৈ ড্ৰেইন নিৰ্মান কৰাত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে বিজেপি নেতৃত্ব।

ইফালে ড্ৰেইন নিৰ্মাণৰ বাবে খন্দা মাটি দম বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য সজল সিংহৰ ঘৰৰ সন্মুখত পেলাই ৰখাত প্ৰায় দুবছৰ ধৰি ঘৰৰ প্ৰৱেশৰ অসুবিধাত ভুগি আছে । মাটিৰ দমৰ বাবে নিজৰ বাহনো ঘৰত নিব নোৱাৰি পথৰ ওপৰতে ৰাখিব লগা হৈছে । অকল এয়াই নহয় একাংশ স্থানত সংস্থাটোৱে নিজৰ মৰ্জি মতে কাম কৰাৰো অভিযোগ । আনহাতে সদৌ অসম বেঙ্গলী যুৱ ছাত্র ফেডাৰেচৰ সম্পাদক বাবলু সৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় তামাৰহাট বজাৰৰ মাজ মজিয়াত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দুটা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী ট্ৰেন্সমিটাৰ স্থান পৰিবৰ্তন নকৰি কোনো ধৰণৰ সতৰ্কতা অৱলম্বন নকৰি বেকা আৰু ঠেককৈ ড্ৰেইন নিৰ্মান কৰিছে। যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হৈ ধন জনৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। তাৰোপৰি অতি নিম্ন মানৰ সামগ্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ড্ৰেইন নিৰ্মান কৰাৰো গুৰুতৰ অভিযোগ জে ইন্ফ্ৰাটেক প্ৰাইভেট লিমিটেডে নামৰ সংস্থাটোৰ বিৰুদ্ধে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande