
নগাঁও, ১১ মে (হি.স.)। নগাঁও কঠীয়াতলীৰ বিভিন্ন প্ৰান্তত আজি দিনৰ ভাগত ধুমুহাৰ তাণ্ডৱ ৷ ধুমুহাৰ ফলত কঠিয়াতলীত কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতিসাধন হয় l বেঙেনাআটিত ধুমুহাই উৰুৱাই নিলে ই ৰিক্সা। তীব্ৰ বেগত অহা বতাহ বৰষুণৰ ফলত কথমপি ৰক্ষা শিশু সহ কেইবাজনো লোকৰ ৷ বতাহত উৰি অহা টিনৰ পৰা কথমপি আঘাট পোৱাৰ পৰা ৰক্ষা পৰে কেইবাজনো লোক।
হঠাৎ অহা ধুমুহা বৰষুণত বহু লোকৰ টিনপাত উৰি যোৱাৰ লগতে কেইবা ঘন্টা জুৰি বিদ্যুৎ যোগান ব্যাহত হয় ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু