চাপৰ পৌৰসভাৰ বিভিন্ন অঞ্চলত স্থাপন কৰা হাই মাষ্ট লাইটসমূহ বৰ্তমান বিকল
ধুবুৰী, ১১ মে (হি.স.)। চাপৰ পৌৰসভাৰ বিভিন্ন অঞ্চলত স্থাপন কৰা হাই মাষ্ট লাইট সমূহ বৰ্তমান বিকল। কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ নামত স্থাপন কৰা এই লাইট সমূহ বৰ্তমান অচল হৈ পৰিছে। বিভাগীয় কতৃপক্ষৰ উদাসীনতাক কেন্দ্ৰ কৰি ক্ষোভ প্ৰকাশ কৰিছে বিভিন্ন দল সং
চাপৰ পৌৰসভাৰ বিভিন্ন অঞ্চলত স্থাপন কৰা হাই মাষ্ট লাইটসমূহ বৰ্তমান বিকল


ধুবুৰী, ১১ মে (হি.স.)। চাপৰ পৌৰসভাৰ বিভিন্ন অঞ্চলত স্থাপন কৰা হাই মাষ্ট লাইট সমূহ বৰ্তমান বিকল। কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ নামত স্থাপন কৰা এই লাইট সমূহ বৰ্তমান অচল হৈ পৰিছে। বিভাগীয় কতৃপক্ষৰ উদাসীনতাক কেন্দ্ৰ কৰি ক্ষোভ প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনে। উল্লেখ্য যে প্ৰায় এক বছৰ পূৰ্বে ধুবুৰী জিলাৰ চাপৰ পৌৰসভাৰ বিভিন্ন গুৰুত্বপূর্ণ স্থানত স্থাপন কৰা হৈছিল প্ৰায় ১৫ৰ পৰা ১৬টা হাই মাষ্ট লাইট।

নিশাৰ সময়ত পথচাৰী আৰু ব্যৱসায়ী সকলৰ সুবিধাৰ বাবে স্থাপন কৰা এই লাইটসমূহ স্থাপনৰ কিছু মাহ পিছৰ পৰাই বিকল হৈ পৰে। বৰ্তমান অধিকাংশ লাইট অচল হৈ থকাৰ ফলত নিশাৰ সময়ত অন্ধকাৰত ডুব যাই একাধিক অঞ্চল।

লাইটসমূহ বিকল হৈ পৰাৰ পিছতো মেৰামতিৰ ক্ষেত্ৰত বিভাগীয় কতৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। ইফালে স্থানীয় দল-সংগঠনে অভিযোগ উত্থাপন কৰি কয় যে, চৰকাৰী ধনৰ অপব্যৱহাৰ কৰাৰ এক স্পষ্ট উদাহৰণ হৈছে এই হাই মাষ্ট লাইট সমূহ। লাখ লাখ টকা ব্যয় কৰি স্থাপন কৰা লাইট সমূহ অচল হৈ থকাৰ পিছতো বিভাগটোৰ কোনো ভ্ৰুক্ষেপ নথকাত তীব্ৰ অসন্তোষ দেখা গৈছে অঞ্চলটোত। অতি সোনকালে বিকল হাই মাষ্ট লাইট সমূহ মেৰামতি কৰি পুনৰ সচল কৰাৰ দাবী জনাইছে স্থানীয় বিভিন্ন দল-সংগঠনে। এতিয়া লক্ষ্যণীয় হ’ব স্থানীয় দল সংগঠনৰ এই দাবীৰ পিছত বিভাগীয় কতৃপক্ষই কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande