
ৰোম, ১১ মে’ (হি.স.)। ইউক্ৰেইনৰ টেনিছ তাৰকা এলিনা স্ভিটোলিনাই আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে বেলাৰুছৰ খেলুৱৈসকলক তেওঁলোকৰ ৰাষ্ট্ৰীয় পতাকাৰ তলত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ ঘূৰি আহিবলৈ দিয়া সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত আই অ’ চিয়ে ২০২২ চনত ৰাছিয়া আৰু বেলাৰুছৰ খেলুৱৈ আৰু দলসমূহক কেইবাখনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিষিদ্ধ কৰাৰ পৰামৰ্শ দিছিল।
কিন্তু যোৱা সপ্তাহত আই অ’ চিয়ে উল্লেখ কৰিছিল যে বেলাৰুছৰ খেলুৱৈ আৰু দলৰ অংশগ্ৰহণৰ ওপৰত নিষেধাজ্ঞা অব্যাহত ৰখাৰ পৰামৰ্শ আৰু দিয়া নাই। ইয়াৰ পিছতে ক্ৰীড়া জগতত এই সিদ্ধান্তক লৈ চৰ্চা তীব্ৰতৰ হৈ পৰিছে।
ইটালিয়ান অ’পেনৰ সময়ত ৰোমত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এলিনা স্ভিটোলিনাই কয় যে ইউক্ৰেইনত এতিয়াও ক্ষেপণাস্ত্ৰ আক্ৰমণ চলি থকা সময়ত বেলাৰুছৰ খেলুৱৈসকলৰ উভতি অহাৰ কথা বিবেচনা কৰাটো অত্যন্ত দুখজনক আৰু বেদনাদায়ক।
স্ভিটোলিনাই কয় যে, এতিয়াও ইউক্ৰেইনৰ ওপৰত ৰকেট নিক্ষেপ কৰা হৈছে। ৰাছিয়া আৰু বেলাৰুছক এতিয়াও আক্ৰমণাত্মক দেশ বুলি গণ্য কৰা হয়। এইটো বিবেচনা কৰাটো আমাৰ বাবে অত্যন্ত দুখজনক আৰু বেদনাদায়ক। এইটো এটা অতি গুৰুতৰ বিষয়, আৰু মই এই আলোচনাক সমৰ্থন নকৰো।
মন কৰিবলগীয়া যে ৰাছিয়া আৰু বেলাৰুছ খেলুৱৈৰ বিৰুদ্ধে খেলৰ পিছত হাত মিলাই দিয়াৰ পৰম্পৰা বৰ্জন কৰি আহিছে শ্বিট’লিনাই। বৰ্তমান ৰাছিয়া আৰু বেলাৰুছ টেনিছ খেলুৱৈয়ে নিৰপেক্ষ খেলুৱৈ হিচাপে পেছাদাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছে। জাতীয় পতাকা আৰু জাতীয় সংগীত অবিহনে বজাবলৈ দিয়া হৈছে।
শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনে স্পষ্ট কৰি দিয়ে যে আই অ’ চিৰ নতুন বিবৃতিৰ পিছতো ৰাছিয়া আৰু বেলাৰুছৰ টেনিছ ফেডাৰেচনৰ ওপৰত জাৰি কৰা নিলম্বন এতিয়াও থাকিব। অৱশ্যে অক্টোবৰ মাহত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক বৈঠকত সদস্য দেশসমূহে ভোটদান কৰিব বেলাৰুছৰ সদস্যপদৰ মৰ্যাদা।
ইফালে, বেলাৰুছৰ বিশ্বৰ ১ নং খেলুৱৈ আৰিনা ছাবালেংকাই যোৱা সপ্তাহত আশা প্ৰকাশ কৰিছিল যে টেনিছৰ শাসকীয় সংস্থাই অতি সোনকালে তেওঁক পুনৰ নিজৰ জাতীয় পতাকা ব্যৱহাৰ কৰিবলৈ অনুমতি দিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া