পেৰা আৰ্মৰেছলিঙৰ পেৰালিম্পিকত প্ৰৱেশৰ পথ প্ৰশস্ত, ব্রিজবেন ২০৩২ৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড পূৰণ
মুম্বাই, ১১ মে’ (হি.স.)। ব্রিজবেন ২০৩২ পেৰালিম্পিক গেমছত অন্তৰ্ভুক্তিৰ বাবে আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটীয়ে নিৰ্ধাৰণ কৰা বিশ্বব্যাপী অংশগ্ৰহণৰ মানদণ্ড পূৰণ কৰা বুলি সোমবাৰে পিপলছ আৰ্মৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়া (পিএএফআই) আৰু প্ৰ’ পাঞ্জা লীগে ঘ
ब्रिस्बेन 2032 के लिए पूरा हुआ पैरा आर्मरेसलिंग अंतरराष्ट्रीय मानक


মুম্বাই, ১১ মে’ (হি.স.)। ব্রিজবেন ২০৩২ পেৰালিম্পিক গেমছত অন্তৰ্ভুক্তিৰ বাবে আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটীয়ে নিৰ্ধাৰণ কৰা বিশ্বব্যাপী অংশগ্ৰহণৰ মানদণ্ড পূৰণ কৰা বুলি সোমবাৰে পিপলছ আৰ্মৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়া (পিএএফআই) আৰু প্ৰ’ পাঞ্জা লীগে ঘোষণা কৰে।

বিশ্ব আৰ্মৰেছলিং ফেডাৰেচনে অতিৰিক্ত অংশগ্ৰহণৰ তথ্য দাখিল কৰাৰ পিছত আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটীয়ে নিশ্চিত কৰে যে পেৰা আৰ্মৰেছলিঙত এতিয়া ৩২খনতকৈও অধিক দেশৰ পৰা নিয়মীয়া আৰু ব্যাপক অংশগ্ৰহণ আছে। এই কৃতিত্বক ভৱিষ্যতে এই ক্ৰীড়াক পেৰালিম্পিকত অন্তৰ্ভুক্ত কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত কৰা হৈছে।

এই খবৰটো ভাৰতৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে, কিয়নো দেশত পেৰা আৰ্মৰেছলাৰৰ এক শক্তিশালী আৰু দ্ৰুতগতিত উদীয়মান প্ৰতিভাৰ পুল আছে। যোৱা কেইবছৰমানৰ পৰা পিএএফআই আৰু প্ৰ’ পাঞ্জা লীগে পেৰা এথলীটসকলৰ বাবে এক পেছাদাৰী মঞ্চ সৃষ্টিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে।

প্ৰ’ পাঞ্জা লীগৰ দুয়োটা ছিজনতে আৰু সমগ্ৰ দেশতে অনুষ্ঠিত হোৱা মেগা ইভেণ্টত পেৰা আৰ্মৰেছলিং শাখাক বিশেষ স্থান দিয়া হৈছে। ইয়াৰ ফলত চন্দন কুমাৰ বেহেৰা, বুট্টা সিং, শ্ৰীনিবাস বিভি, মোহন শৰ্মা, আৰু অৰবিন্দ ৰজকৰ দৰে প্ৰতিভাৱান খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিছে।

প্ৰ' পাঞ্জা লীগৰ সহ-প্ৰতিষ্ঠাপক পাৰবীন দাবাছে কয়, এয়া কেৱল বিশ্বব্যাপী আৰ্মৰেছলিঙৰ বাবেই নহয়, ভাৰতৰ বাবেও এক ঐতিহাসিক মুহূৰ্ত। আমি সমগ্ৰ দেশতে অনুষ্ঠিত হোৱা প্ৰ' পাঞ্জা লীগ আৰু মেগা ইভেণ্টৰ জৰিয়তে পেৰা শাখাত প্ৰচণ্ড প্ৰতিভাৰ সাক্ষী হৈছো। আৰম্ভণিৰে পৰা আমি বিশ্বাস কৰি আহিছো যে পেৰা আৰ্মৰেছলিঙে সমান স্বীকৃতি আৰু সুযোগৰ যোগ্য, যাৰ বাবে আমি ইয়াক প্ৰতিটো ছিজনতে অন্তৰ্ভুক্ত কৰিছো ব্রিজবেন ২০৩২ পেৰালিম্পিকৰ অংশ হিচাপে ভাৰতে অসংখ্য পদক লাভ কৰাৰ সম্ভাৱনা শক্তিশালী হ’ব৷”

ভাৰতীয় পিপলছ আৰ্মৰেছলিং ফেডাৰেচনৰ সভানেত্ৰী তথা এছিয়ান আৰ্মৰেছলিং ফেডাৰেচনৰ উপ-সভানেত্ৰী প্ৰীতি ঝাংগিয়ানীয়ে কয় যে, ভাৰত সদায় পেৰা-স্প'ৰ্টছ প্ৰতিভাৰ কেন্দ্ৰবিন্দু হৈ আহিছে, আৰু আৰ্মৰেছলিংও ইয়াৰ পৰা পৃথক নহয়। সমগ্ৰ দেশৰ পেৰা-এথলীটসকলৰ পৰা আমি অতিশয় সঁহাৰি লাভ কৰিছো। আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটীৰ এই স্বীকৃতিয়ে এই ক্ৰীড়াৰ বিশ্বব্যাপী বৃদ্ধিৰ প্ৰতিফলন ঘটায় আৰু অধিক সৃষ্টিৰ বাবে আমাক অনুপ্ৰাণিত কৰে। ভাৰতত পেৰা-এথলীটসকলৰ বাবে সুযোগসমূহ আমি নিশ্চিত যে সঠিক সমৰ্থন আৰু মঞ্চৰ সহায়ত ভাৰতীয় খেলুৱৈসকলে বিশ্ব চেম্পিয়ন হ’ব পাৰিব।”

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande