
বাৰ্চিলোনা, ১১ মে’ (হি.স.)। বার্চিলোনাই দেওবাৰে নিশা অনুষ্ঠিত হোৱা এল ক্লাছিক’ মেচত প্রধান প্রতিদ্বন্দ্বী ৰিয়েল মাদ্রিদক ২-০ গ’লত পৰাস্ত কৰি ২০২৫-২৬ বৰ্ষৰ লা লিগা খিতাপ দখল কৰে ৷ কেম্প ন’ত খেলা খেলখনত আৰম্ভণিৰে পৰাই বার্চিলোনাই আধিপত্য বিস্তাৰ কৰি এই জয়েৰে ২৯ সংখ্যক লা লিগা খিতাপ দখল কৰে ৷
হান্সি ফ্লিকৰ দলটোৱে এতিয়া দ্বিতীয় স্থানত থকা ৰিয়েল মাদ্রিদতকৈ ১৪ পইণ্ট আগবাঢ়ি ৯১ পইণ্টেৰে শীর্ষস্থান দখল কৰিছে ৷ ছিজনত মাত্ৰ তিনিখন মেচ বাকী থকাৰ সময়তে ৰিয়েল মাদ্রিদৰ বাবে বার্চিলোনাক স্তিমিত কৰি ৰখাটো অসম্ভৱ হৈ পৰিছে ৷ ইফালে ভিলাৰিয়েলে ৬৯ পইণ্টেৰে তৃতীয় স্থানত আছে।
আৰম্ভণিৰে পৰাই বাৰ্চিলোনাক আক্ৰমণাত্মক দেখা গৈছিল। নৱম মিনিটত মাৰ্কাছ ৰেছফোৰ্ডে উজ্জ্বল ফ্ৰী কিকেৰে দলটোক অগ্ৰগতি প্ৰদান কৰে। এণ্টনিঅ’ ৰুডিগাৰে বাকচৰ বাহিৰত ফেৰাণ টৰেছক ফাউল কৰাৰ পিছত ৰেছফোৰ্ডে এটা চমৎকাৰ সুযোগক ৰূপান্তৰিত কৰে।
৯ মিনিটৰ পাছত বার্চিলোনে দুগুণ অগ্রগতি লাভ কৰে৷ ফাৰ্মিন লোপেজৰ ক্ৰছৰ পৰা ডানি অলমোৱে এটা উজ্জ্বল বেকহিল পাছ প্ৰদান কৰে আৰু ফেৰাণ টৰেছে নেটত শক্তিশালী শ্বট এটা দিয়ে।
এই জয়ৰ জৰিয়তে হান্সি ফ্লিকে একেৰাহে দ্বিতীয়বাৰৰ বাবে লা লিগা খিতাপ দখল কৰে। যোৱা ছিজনত তেওঁ বাৰ্চিলোনাক লা লিগা আৰু কোপা ডেল ৰেৰ ডাবললৈও নেতৃত্ব দিছিল।
কেইবাজনো গুৰুত্বপূৰ্ণ খেলুৱৈৰ অনুপস্থিতিত দুয়োটা দলে সংগ্ৰাম কৰি আছিল। বাৰ্চিলোনাৰ আৰম্ভণিৰ এঘাৰত লেমিন ইয়ামাল, ৰাফিনহা, জুলছ কৌণ্ডেৰ নাম নাছিল।
ইফালে ৰিয়েল মাদ্রিদে আঘাত আৰু অন্যান্য কাৰণত কেইবাজনো গুৰুত্বপূৰ্ণ খেলুৱৈক আউট কৰিছিল। এডাৰ মিলিটাও, ডানি কাৰ্ভাজাল, ফাৰ্লেণ্ড মেণ্ডী, আৰ্ডা গুলাৰ আৰু ৰড্ৰিগো দলটোৰ অংশ নাছিল। মূৰৰ আঘাতৰ বাবে ফেডেৰিকো ভালভাৰ্ডেও খেলত অংশ ল’ব নোৱাৰিলে। খবৰ ওলাইছিল যে অ’ৰেলিয়ান চৌমেনীৰ সৈতে ড্ৰেছিং ৰুমৰ মাজভাগত হোৱা কাজিয়াৰ পিছত দুয়োজন খেলুৱৈকে পাঁচ মিলিয়ন ইউৰো জৰিমনা বিহা হৈছিল।
কাইলিয়ান এমবাপেও হামষ্ট্ৰিঙৰ আঘাতৰ বাবে দলৰ সৈতে যাত্ৰা কৰিব নোৱাৰিলে, যাৰ ফলত ভিনিচিয়াছ জুনিয়ৰ আৰু যুৱ ষ্ট্ৰাইকাৰ গনজালোৱে আক্ৰমণৰ দায়িত্ব লয়।
প্ৰথমাৰ্ধত ৰিয়েল মাদ্রিদে কিছু সুযোগ সৃষ্টি কৰিছিল যদিও বার্চিলোনাৰ আক্রমণ অধিক বিপজ্জনক আছিল ৷ ৰিয়েলৰ গ’লৰক্ষক থিবাউট ক’ৰ্টোৱাই কেইবাটাও সুন্দৰ ছেভ কৰি বৃহৎ পৰাজয় ৰোধ কৰে।
দ্বিতীয়াৰ্ধত বাৰ্চিলোনাৰ হেঁচা অব্যাহত থাকে। ৰেচফৰ্ডে ৰিয়েলৰ ডিফেন্সত অসুবিধা দি থাকিল। ক’ৰ্টোৱাই এটা উজ্জ্বল ছেভ কৰি ফেৰাণ টৰেছৰ আন এক উজ্জ্বল প্ৰচেষ্টা বন্ধ কৰি দিয়ে।
৬২ মিনিটত জুড বেলিংহামৰ গ’লটো অফছাইড বুলি ধৰা পৰে। ইয়াৰ পিছতে বাৰ্চিলোনাৰ গ’লৰক্ষক জোয়ান গাৰ্চিয়াই ভিনিচিয়াছ জুনিয়ৰৰ এটা ভাল সুযোগ বিফল কৰে।
অন্তিম মিনিটত ৰিয়েল মাদ্রিদে পুনৰ উভতি অহাৰ চেষ্টা চলাইছিল যদিও দলটোৰ আক্রমণত চোকাতাৰ অভাৱ স্পষ্ট৷ অৱশেষত বাৰ্চিলোনাই আৰামদায়ক জয়েৰে খিতাপৰ আনন্দ উল্লাস ব্যক্ত কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া