আৰ চি বিৰ হাতত পৰাজয়ৰ বিষয়ে মুম্বাই ইণ্ডিয়ানছৰ প্ৰশিক্ষক জয়ৱৰ্ধনে কয়–, ‘বহুত ইফাল–সিফাল, কিন্তু আমি ভাল প্ৰদৰ্শন কৰা নাছিলো’
ৰায়পুৰ, ১১ মে’ (হি.স.)। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত দুটা উইকেটত পৰাস্ত হোৱাৰ পাছত আই পি এল ২০২৬ প্লে অফত প্ৰৱেশৰ আশা সম্পূৰ্ণৰূপে ভংগ হৈ পৰে মুম্বাই ইণ্ডিয়ানছ। পাঁচবাৰৰ চেম্পিয়ন দলটোৱে এতিয়া এই ছিজনত ট্ৰফী লাভ কৰিব নোৱাৰিব আৰু এ
मुंबई इंडियंस के कोच माहेला जयवर्धने


ৰায়পুৰ, ১১ মে’ (হি.স.)। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত দুটা উইকেটত পৰাস্ত হোৱাৰ পাছত আই পি এল ২০২৬ প্লে অফত প্ৰৱেশৰ আশা সম্পূৰ্ণৰূপে ভংগ হৈ পৰে মুম্বাই ইণ্ডিয়ানছ। পাঁচবাৰৰ চেম্পিয়ন দলটোৱে এতিয়া এই ছিজনত ট্ৰফী লাভ কৰিব নোৱাৰিব আৰু এতিয়া শেষ স্থান এৰাই চলাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ব।

খেলখনৰ অন্তত মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষক মহেলা জয়ৱৰ্ধনে এই পৰাজয় স্বীকাৰ কৰি কয় যে তেওঁৰ দলটোৱে গোটেই ছিজনটোত আশা কৰা ধৰণে প্ৰদৰ্শন কৰা নাছিল । তেওঁ স্বীকাৰ কৰে যে দলটোৱে বলিং আৰু বেটিং দুয়োটাতে ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰিব নোৱাৰিলে।

জয়ৱৰ্ধনে কয়, এই ছিজনটো হতাশাজনক। আমাৰ সুযোগ আছিল, কিন্তু আমি ভাল নাছিলো। বেট আৰু বল দুয়োটাৰে সৈতে ধাৰাবাহিকতাৰ অভাৱ স্পষ্ট আছিল। আমি প্লে অফৰ দৌৰত থাকিব পাৰিলোহেঁতেন, কিন্তু আমি দুটা বা তিনিটা জয়ৰ পৰা বঞ্চিত হ'লোঁ।

তেওঁ কয় যে বৰ্তমান সমগ্ৰ ছিজনটো বিশ্লেষণ কৰাটো কঠিন কাৰণ পৰাজয়ৰ হতাশা এতিয়াও সতেজ, কিন্তু দলটোৱে নিজৰ দক্ষতা আৰু পৰিকল্পনা সঠিকভাৱে কাৰ্যকৰী কৰাত ব্যৰ্থ হোৱাটো নিশ্চিত।

আৰচিবিৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ পৰাজয়ৰ আটাইতকৈ ডাঙৰ কাৰণ ফাইনেল অভাৰত বুলি ধাৰণা কৰা হৈছে, য’ত যুৱ অলৰাউণ্ডাৰ ৰাজ অংগদ বাৱাক বল দিয়া হৈছিল। চাৰি বছৰীয়া আই পি এল কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ফাইনেল অভাৰত বলিং কৰিছিল বাৱাই।

তেওঁ ৱাইড আৰু ন’ বলৰ জৰিয়তে অভাৰ আৰম্ভ কৰে। যদিও তৃতীয় বলত ৰোমাৰিয়া শ্বেফাৰ্ডৰ উইকেট দখল কৰি তেওঁ নিশ্চিতভাৱে উত্তেজনাৰ সৃষ্টি কৰিছিল, তথাপিও তেওঁ আৰু এটা ৱাইড বলিং কৰিছিল। ইয়াৰ পিছতে ভুৱনেশ্বৰ কুমাৰে ছয় মাৰি বাংগালোৰক জয়লাভ কৰে।

এই সিদ্ধান্ত সন্দৰ্ভত জয়ৱৰ্ধনে কয়, সেই সময়ত আমাৰ সকলো মূল বলাৰেই নিজৰ অভাৰ সম্পূৰ্ণ কৰিছিল। আমাৰ অভিজ্ঞ বিকল্প শেষ হৈ গৈছিল। আমাৰ হাতত কেইজনমান স্পিনাৰ আছিল, কিন্তু আমি ৰাজ অংগদ বাৱাক বিশ্বাস কৰিছিলো। তেওঁ অনুশীলনত ভাল ইয়ৰ্কাৰ বলিং কৰে আৰু হেঁচাত বল কৰাৰ ক্ষমতা আছে।

তেওঁ স্বীকাৰ কৰে যে বাৱাই হেঁচাত পৰি কিছু ভুল কৰিছিল যদিও দলটোৱে শেষলৈকে যুঁজিছিল।

প্ৰথম বেটিং কৰি মুম্বাই ইণ্ডিয়ানছে ১৬৬ ৰান সংগ্ৰহ কৰে। জয়ৱৰ্ধনেৰ মতে দলটোৱে ১৭০ৰ পৰা ১৮০ ৰানত উপনীত হ’ব পাৰিলেহেঁতেন, কিন্তু মধ্য অভাৰত দ্ৰুত উইকেট হেৰুৱাই দলটোৱে ডাঙৰ টোটেল কৰিব নোৱাৰিলে।

তেওঁ কয়, নমন ধীৰ আৰু তিলক বৰ্মাই ভাল অংশীদাৰিত্ব গঢ়ি তুলিছিল । কিন্তু ১৪ আৰু ১৫ অভাৰত দলে উইকেট হেৰুৱাই আমাক আঘাত দিছিল। তাত উইকেট হেৰুৱাব নোৱাৰা হ'লে আমি আৰু ১৫-২০ ৰান সংযোজন কৰিব পাৰিলোহেঁতেন।

জয়ৱৰ্ধনে প্ৰকাশ কৰে যে দলটোৱে গোটেই ছিজনটো আঘাতৰ সৈতে যুঁজিছিল। হামষ্ট্ৰিঙৰ আঘাতৰ বাবে ৰোহিত শৰ্মাই ৬খন মেচত অংশ ল’ব নোৱাৰিলে, আনহাতে হাৰ্দিক পাণ্ডিয়া পিঠিৰ সমস্যাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। কান্ধৰ আঘাতৰ বাবে মিচেল ছাণ্টনাৰকো খেলপথাৰৰ পৰা আঁতৰাই ৰখা হৈছিল।

তেওঁ কয়, মানুহে হয়তো ভাবিব পাৰে যে আমি অহৰহ দল সলনি কৰি আছো, কিন্তু বেছিভাগ পৰিৱৰ্তন বাধ্যতামূলক। আঘাত আৰু খেলুৱৈৰ অনুপলব্ধতাই দলৰ ভাৰসাম্য বিঘ্নিত কৰিছিল।

সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়াৰ দুৰ্বল ফৰ্মক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ পাছতো জয়ৱৰ্ধনে দুয়োগৰাকী খেলুৱৈক ৰক্ষা কৰে।

সূৰ্যকুমাৰ যাদৱে এই ছিজনত ১১টা ইনিংছত মাত্ৰ ১৯৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে হাৰ্দিক পাণ্ডিয়াই ১৪৬ ৰান সংগ্ৰহ কৰি ৮ ইনিংছত মাত্ৰ ৪টা উইকেটহে দখল কৰিছে।

জয়ৱৰ্ধনে কয়, দুয়োজন খেলুৱৈয়ে যৎপৰোনাস্তি চেষ্টা কৰিছে। তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু দায়বদ্ধতাৰ ওপৰত কোনো প্ৰশ্নই উত্থাপন নহয়। এইটোৱেই আছিল বিশ্বকাপ জয় কৰা দল, আৰু আমি আমাৰ মূল খেলুৱৈসকলৰ ওপৰত বিশ্বাস বজাই ৰখাটো প্ৰয়োজন।

তেওঁ শেষত কয়, আমি এই দলটোক আত্মবিশ্বাসেৰে আগুৱাই লৈ গৈছিলো। কিন্তু ইউনিট হিচাপে আমি এই ছিজনত ভাল খেলা নাই।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande