আই পি এল ২০২৬: আম্পায়াৰৰ সৈতে তৰ্কত লিপ্ত হোৱা আৰ চি বিৰ মুখ্য প্ৰশিক্ষক এণ্ডি ফ্লাৱাৰক জৰিমনা
নতুন দিল্লী, ১১ মে’(হি.স.)। দেওবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ ৰোমাঞ্চকৰ খেলখনৰ সময়ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মুখ্য প্ৰশিক্ষক এণ্ডি ফ্লাৱাৰক আচৰণ বিধি উলংঘা কৰাৰ বাবে জৰিমনা বিহা হৈছে। সোমবাৰে আই পি এলে জাৰি কৰ
आरसीबी के कोच एंडी फ्लावर


নতুন দিল্লী, ১১ মে’(হি.স.)। দেওবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ ৰোমাঞ্চকৰ খেলখনৰ সময়ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মুখ্য প্ৰশিক্ষক এণ্ডি ফ্লাৱাৰক আচৰণ বিধি উলংঘা কৰাৰ বাবে জৰিমনা বিহা হৈছে।

সোমবাৰে আই পি এলে জাৰি কৰা এক বিবৃতি অনুসৰি ফ্লাৱাৰে খেলুৱৈ আৰু দলীয় বিষয়াৰ আচৰণ বিধিৰ লেভেল ১ উলংঘা কৰিছে। ফলস্বৰূপে তেওঁৰ মেচ মাচুলৰ ১৫ শতাংশ জৰিমনা বিহা হৈছে।

ফ্লাৱাৰৰ বিৰুদ্ধে আই পি এলৰ আচৰণ বিধিৰ ২.৩ অনুচ্ছেদ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল, যিটো মেচৰ সময়ত আপত্তিজনক বা অশ্লীল ভাষা ব্যৱহাৰৰ সৈতে জড়িত। মেচখনৰ ১৭.২ অভাৰৰ সময়ত ফ্লাৱাৰে চতুৰ্থ আম্পায়াৰৰ সৈতে আক্ৰমণাত্মকভাৱে জড়িত হোৱা দেখা গৈছিল।

মেচৰ ৰেফাৰী অমিত শৰ্মাই বিষয় শুনানিৰ পাছত ফ্লাৱাৰক দোষী সাব্যস্ত কৰে। আৰ চি বিৰ মুখ্য প্ৰশিক্ষকে নিজৰ ভুল স্বীকাৰ কৰি তেওঁৰ ওপৰত আৰোপ কৰা জৰিমনা মানি লৈছিল।

মন কৰিবলগীয়া যে ৰায়পুৰত খেলা এই মেচখনত ৰয়েল চেলেঞ্জাৰছ বাংগালোৰে মুম্বাই ইণ্ডিয়ানছক শেষৰ বলত ২ উইকেটত পৰাস্ত কৰি প্লে অফৰ দৌৰৰ পৰা বাহিৰ কৰি দিয়ে। মেচখনৰ অন্ত উত্তেজনাপূৰ্ণ আছিল আৰু এয়া খেলপথাৰত চাপ আৰু আৱেগ স্পষ্টকৈ দেখা গ’ল।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande