
–পেট কামিন্স, মিচেল ষ্টাৰক, আৰু জোছ হেজলউড বাদ
মেলবৰ্ণ, ১১ মে’ (হি.স.)। অষ্ট্ৰেলিয়াই পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলা আৰু ২০২৬ চনৰ মে’-জুন মাহত বাংলাদেশ ভ্ৰমণৰ বাবে সীমিত অভাৰৰ দল ঘোষণা কৰিছে । মিচেল মাৰ্ছ দলটোৰ অধিনায়ক হিচাপে থাকিব। এই ভ্ৰমণৰ বাবে কেইবাজনো নতুন খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে অভিজ্ঞ দ্ৰুত বলাৰ পেট কামিন্স, মিচেল ষ্টাৰক আৰু জোছ হেজলউডক সকলো দলৰ পৰা বাদ দিয়া হৈছে।
এদিনীয়া দললৈ ঘূৰি আহিছে দ্ৰুত বলাৰ বিলি ষ্টেনলেক আৰু ৰাইলী মেৰেডিথ। প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ দলত অন্তৰ্ভুক্ত হৈছে যুৱ খেলুৱৈ অলিভাৰ পিক, লিয়াম স্কট, জোৱেল ডেভিছ। পিকক কেৱল পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে নিৰ্বাচিত হোৱাৰ বিপৰীতে স্কটক বাংলাদেশ ভ্ৰমণৰ বাবেও এদিনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে। বাংলাদেশ ভ্ৰমণৰ বাবে ডেভিছক টি-২০ দলত অন্তৰ্ভুক্ত কৰা হৈছে।
২০২৬ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত খেলি থকা ট্ৰেভিছ হেড, কুপাৰ কনলি, বেন ড্ৱাৰশ্বুইছ, আৰু জেভিয়াৰ বাৰ্টলেটে পাকিস্তান শৃংখলাৰ পিছত বাংলাদেশ ভ্ৰমণৰ বাবে দলটোত যোগদান কৰিব। এই খেলুৱৈসকলে ক্ৰমে অলিভাৰ পিক, বিলি ষ্টেনলেক, ৰাইলি মেৰেডিথ আৰু মেট শ্বৰ্টৰ ঠাইত ল’ব ।
উল্লেখযোগ্য যে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লোৱা গ্লেন মেক্সৱেলকো টি-২০ দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই।
বাছনি সমিতিৰ অধ্যক্ষ জৰ্জ বেইলীয়ে কয় যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নতুন খেলুৱৈয়ে সুযোগ পোৱাটো সদায় উৎসাহজনক। অভিজ্ঞ আৰু যুৱ খেলুৱৈৰ এই মিশ্ৰণে উপমহাদেশখনৰ এই ভ্ৰমণত দলটোক ভাৰসাম্য ৰক্ষা কৰিব।
পাকিস্তানৰ হৈ অষ্ট্ৰেলিয়াৰ এদিনীয়া দল
মিচেল মাৰ্ছ (অধিনায়ক), এলেক্স কেৰী, নাথান এলিছ, কেমেৰন গ্ৰীণ, জোছ ইংলিছ, মেথিউ কুহনেমেন, মাৰ্নাছ লাবুশ্বেন, ৰাইলি মেৰেডিথ, অলিভাৰ পিক, মেথিউ ৰেনশ্ব, টানবীৰ সংঘ, লিয়াম স্কট, মেট শ্বৰ্ট, বিলি ষ্টেনলেক, আৰু এডাম জাম্পা।
বাংলাদেশৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ এদিনীয়া দল
মিচেল মাৰ্ছ (অধিনায়ক), জেভিয়াৰ বাৰ্টলেট, এলেক্স কেৰী, কুপাৰ কনলি, বেন ড্ৱাৰ্শ্বুইছ, নাথান এলিছ, কেমেৰন গ্ৰীণ, ট্ৰেভিছ হেড, জোছ ইংলিছ, মেথিউ কুহনেমেন, মাৰ্নাছ লাবুশ্বেন, মেথিউ ৰেনশ্ব, টানবীৰ সংঘ, লিয়াম স্কট, আৰু এডাম জাম্পা।
বাংলাদেশৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ টি-২০ দল
মিচেল মাৰ্ছ (অধিনায়ক), জেভিয়াৰ বাৰ্টলেট, কুপাৰ কনলি, টিম ডেভিদ, জোৱেল ডেভিছ, নাথান এলিছ, কেমেৰন গ্ৰীণ, এৰন হাৰ্ডি, ট্ৰেভিছ হেড, জোছ ইংলিছ, স্পেন্সৰ জনছন, মেথিউ কুহনেমেন, ৰাইলি মেৰেডিথ, জোছ ফিলিপ, মেথিউ ৰেনশ্ব, আৰু এডাম জাম্পা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া