
শিৱসাগৰ, ১১ মে (হি.স.)। সোমনাথ মন্দিৰৰ এহেজাৰ বছৰ সম্পূৰ্ণ l এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰি স্থাপনৰ ৭৫ বছৰ অতিক্ৰম কৰিলে বুলি পুৰাতত্ব বিভাগৰ এক সুত্ৰই প্ৰকাশ কৰিছে l ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূজা অৰ্চনা সোমনাথ মন্দিৰত l
সমান্তৰালকৈ ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত পোনপটীয়া সম্প্ৰচাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী l শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত শিৱসাগৰত সোমনাথ মন্দিৰৰ এই কাৰ্যসূচী দেখুৱাইছে শিৱসাগৰবাসীক l
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু