
ডিব্ৰুগড়, ১১ মে (হি.স.)। মৰাণৰ মাধকলিত আজি ভয়ংকৰ পথ দুৰ্ঘটনা। ডিব্ৰুগড় অভিমূখি এএছ ০২ডিচি ৯৭৬১ নম্বৰৰ এখন যাত্ৰীবাহী বাছ আৰু এএছ ০৬ চিচি ৭০৪১ নম্বৰৰ এখন বলেৰ' গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয়। বাছখনে ভুল পথেৰে (wrong side) অহাৰ ফলতেই সংঘটিত হয় উক্ত ভয়ংকৰ দুৰ্ঘটনাটো। বাগান তিনিআলিৰ ডিভাইডাৰৰ মাজেৰে পাৰ হ'বলৈ লওঁতেই ডিব্ৰুগড়ৰ ফালৰ পৰা অহা বলেৰ' খনত প্ৰচণ্ড খুন্দা মাৰে বাছখনে।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বলেৰ' খনত থকা দুজন লোক। আহত লোক দুজনৰ নাম পংকজ সিং আৰু শিৱ চাৱাছি। শিৱৰ ঘৰ মাধকলিত আৰু চালক জনৰ ঘৰ খোৱাং চাৰিআলিত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন বাছ চালকৰ। সংঘৰ্ষৰ ফলত বাছ খনৰ কেইবাজনো যাত্ৰীও আহত। স্থানীয় ৰাইজৰ তৎপৰতাত আহত সকলক তিলৈ চিকিৎসালয়লৈ প্ৰেৰণ। প্ৰাথমিক চিকিৎসাৰ অন্তত গুৰুতৰভাৱে আহত দুজনক উন্নত চিকিৎসাৰ বাবে স্থানান্তৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ