
গুৱাহাটী, ১১ মে’ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাৰ অহাকালি মঙলবাৰে শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে গুৱাহাটীৰ খানাপাৰাস্থিত পশুচিকিৎসা মহাবিদ্য়ালয়ৰ খেলপথাৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অহা ১২ মে’ৰ পুৱা ১১:৪০ বজাৰ পৰা অনুষ্ঠান আৰম্ভ হ’ব এই শপত গ্ৰহণ অনুষ্ঠান ।
শপত গ্ৰহণ অনুষ্ঠানক লৈ খেলপথাৰত ব্যাপক প্ৰস্তুতি চলি আছে । অনুষ্ঠানত বিজেপিৰ জ্যেষ্ঠ নেতা, এনডিএৰ সহযোগী দলসমূহৰ প্ৰতিনিধি, শীৰ্ষ প্ৰশাসনিক বিষয়া আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দলীয় কৰ্মকৰ্তাসকল উপস্থিত থকাৰ সম্ভাৱনা আছে। ইতিমধ্যে অনুষ্ঠানস্থলী আৰু ইয়াৰ আশে-পাশে আৰক্ষীৰ মোতায়েন বৃদ্ধি কৰা হৈছে। বিভিন্ন স্থানত বেৰিকেড স্থাপন কৰাৰ লগতে নিৰাপত্তা তালাচী চকীও স্থাপন কৰা হৈছে। একে সময়তে মঞ্চ নিৰ্মাণ, বহাৰ ব্যৱস্থা আৰু আন আন প্ৰস্তুতিকো চূড়ান্ত ৰূপ দিয়া হৈছে।
ইয়াৰ পূৰ্বে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই ভাৰতীয় সংবিধানৰ ১৬৪(১) অনুচ্ছেদ অনুসৰি ড০ হিমন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিকভাৱে অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰে। এই সন্দৰ্ভত অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগে এক অধিসূচনা জাৰি কৰিছে । অধিসূচনাখনত উল্লেখ কৰা হৈছে যে ৰাজ্যপালে সংবিধানৰ ১৬৪(১) অনুচ্ছেদৰ অধীনত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি ড০ শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰিছে ।
উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ বৃহৎ জয়লাভৰ পাছতে ড০ শৰ্মাই নতুন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছিল । মুখ্য সচিব ৰবি কোটাই স্বাক্ষৰ কৰা অধিসূচনাখন সাংবিধানিক কৰ্তৃপক্ষ, জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আৰু সংশ্লিষ্ট বিভাগসমূহলৈ প্ৰেৰণ কৰা হৈছে। শপত গ্ৰহণ অনুষ্ঠানক কেন্দ্ৰ কৰি সমগ্ৰ গুৱাহাটীত উৎসাহৰ পৰিৱেশ বিৰাজ কৰিছে।
-----------
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ