নগাঁও চহৰৰ নেহেৰুবালীৰ পৰা সন্ধানহীন এজন লোক
নগাঁও, ১১ মে (হি.স.)। নগাঁও চহৰৰ নেহেৰুবালীৰ সমীপৰ অস্হায়ী দৈনিক বজাৰৰ পৰা দেওবাৰে বিয়লি হেৰাল বিৰহ বেবেজীয়াৰ প্ৰদীপ দাস l আইতাকৰ সৈতে বজাৰত পাচলি বিক্ৰী কৰিবলৈ আহি হেৰাল ১৩ বছৰীয়া কিশোৰ জন l কিশোৰ জনক যদি কোনো ব্যক্তিয়ে প্ৰত্যক্ষ্য কৰে তেন্
নগাঁও চহৰৰ নেহেৰুবালীৰ পৰা সন্ধানহীন এজন লোক


নগাঁও, ১১ মে (হি.স.)। নগাঁও চহৰৰ নেহেৰুবালীৰ সমীপৰ অস্হায়ী দৈনিক বজাৰৰ পৰা দেওবাৰে বিয়লি হেৰাল বিৰহ বেবেজীয়াৰ প্ৰদীপ দাস l

আইতাকৰ সৈতে বজাৰত পাচলি বিক্ৰী কৰিবলৈ আহি হেৰাল ১৩ বছৰীয়া কিশোৰ জন l

কিশোৰ জনক যদি কোনো ব্যক্তিয়ে প্ৰত্যক্ষ্য কৰে তেন্তে ৭৬৩৫৮৫৯৩২ নম্বৰ অথবা নগাঁও সদৰ থানাৰ লগতে কাষৰীয়া আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ লোকৰ l

প্ৰতি দেওবাৰৰ দৰে আইতাকৰ সৈতে পাচলি বিক্ৰী কৰিবলৈ বিৰহ বেবেজীয়াৰ প্ৰদীপ দাস আহিছিল নগাঁও চহৰৰ নেহেৰুবালি সমীপৰ অস্হায়ী দৈনিক বজাৰলৈ। কিন্তু দেওবাৰে সন্ধিয়া বাদাম কিনিবলৈ আইতাকৰ পৰা পঞ্চাশ টকা লৈ যোৱা প্ৰদীপ দাস সোমবাৰৰ পুৱাৰ লৈকে ওভতি অহা নাই। সপ্তমমান শ্ৰেণীত অধ্যয়নত প্ৰদীপ দাসক বিচাৰি এতিয়া হাঁহাকাৰ পৰিয়ালৰ লোকৰ। ইতিমধ্যে নগাঁও সদৰ আৰক্ষী থানাত এজেহাৰ দিছে ভুক্তভোগী পৰিয়ালটোৱে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande