শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত ১১ টা চোৰাং গৰু সহ এখন ব'লেৰো পিকআপ জব্দ।
কোকৰাঝাৰ, ১১ মে (হি.স.)। শ্ৰীৰামপুৰত আজি পুৱা আৰক্ষীৰ অভিযান। অভিযানত ১১ টা চোৰাং গৰু সহ এখন ব''লেৰো পিকআপ জব্দ।বলেৰো পিকআপ বাহনত তালাচী চলাই উদ্বাৰ হয় ১১ টা গৰু। গৰু সমূহ পশ্চিমবংগৰ আলিপুৰৰ পৰা অসমৰ লেংটিচিংহা লৈ গৈ আছিল।শিমূলটাপু আৰক্ষী চকীৰ ভাৰপ
শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত ১১ টা চোৰাং গৰু সহ এখন ব'লেৰো পিকআপ জব্দ।


কোকৰাঝাৰ, ১১ মে (হি.স.)। শ্ৰীৰামপুৰত আজি পুৱা আৰক্ষীৰ অভিযান। অভিযানত ১১ টা চোৰাং গৰু সহ এখন ব'লেৰো পিকআপ জব্দ।বলেৰো পিকআপ বাহনত তালাচী চলাই উদ্বাৰ হয় ১১ টা গৰু। গৰু সমূহ পশ্চিমবংগৰ আলিপুৰৰ পৰা অসমৰ লেংটিচিংহা লৈ গৈ আছিল।শিমূলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈ নেতৃত্বত চলিছিল এই অভিযান।

অভিযানত এ এছ ১৭ চি ৪২০৯ নম্বৰৰ বলেৰো পিকআপ বাহনৰ পৰা উদ্বাৰ হয় গৰু।পশ্চিমবংগ আলিপুৰৰ পৰা চোৰাং কৈ আনিছিল গৰু সমূহ।অসমৰ বঙাইগাঁও জিলাৰ লেংটিছিংহা লৈ যোৱাৰ কথা আছিল গৰু সমূহ। গৰু সমূহৰ কোনো নথিপত্ৰ নাছিল।বলেৰো পিকআপ বাহনৰ চালকক আটক। আটকাধীন চালকজন হৈছে মিনহাজ আলী ঘৰ বঙাইগাঁও জিলাৰ লেংটিছিংহাত।এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande