
নলবাৰী ১১ মে (হি.স.): ভঙা কাঁহৰ আকাশলঙ্ঘী মুল্য আৰু যন্ত্ৰ উৎপাদিত নকল কাঁহৰ সামগ্ৰীৰ বাবে এতিয়া অসম গৌৰৱ কুটিৰ শিল্প কাঁহ শিল্পলৈ নামিছে সংকট। অবাঞ্চিত এক পৰিবেশত চিন্তিত হৈ পৰিছে কাঁহ শিল্পৰ লগত জড়িত দুই সহস্ৰাধিক শিল্পী। জি আই টেগ লাভ কৰা অসম গৌৰৱ কাঁহ শিল্পৰ সুৰক্ষাৰ বাবে অসম চৰকাৰৰ নাই সদিচ্ছা নেদেখি ভাগি পৰিছে কাহ শিল্পী সকল । ইফালে অসমৰ বজাৰ ভৰিছে মেচিনাৰী নকল কাঁহৰ সামগ্ৰীৰে, এই নকল কাঁহৰ সামগ্ৰী গাওঁ ভূঞে বিক্ৰী হয়। এতিয়া হোৰাহোৰে বাঢ়িছে ভগা কাঁহৰ দাম ।
অসমীয়া সংস্কৃতিৰ বাহক বিশ্ববিশ্ৰুত কাঁহ শিল্পলৈ নামি আহিছে অবাঞ্চিত বিপৰ্যয়। জুই হাঁতুৰিৰ লগত খেলি কঠোৰ পৰিশ্ৰম কৰি সোণত সুৱগা চৰোৱা কুণ্ডট কটা কাঁহৰ আকৰ্ষণীয় সামগ্ৰী তৈয়াৰ কৰা কঁহাৰ শিল্পীৰ জীৱনলৈ নামি আহিছে শংকা । একালত সগৌৰবে চলি থকা কাঁহ শিল্পলৈ সংকট নমাই আনি এচাম অসাধু মধ্যভোগী ব্যৱসায়ীয়ে যন্ত্ৰ উৎপাদিত কাঁহৰ সামগ্ৰী সৰ্থেবাৰীৰ হঁস্ত শিল্প উৎপাদিত বুলি কৈ বজাৰ বিক্ৰী কৰি থকাত কাঁহ শিল্পলৈ সংকট নমাই আনিছে । চৰকাৰৰ উদাসীনতাৰ বাবে এতিয়া বজাৰত উভৈনদী হৈ পৰিছে পিতলৰ সামগ্ৰী । যাৰ ফলত কাঁহ শিল্পী সকলে অতি পৰিশ্ৰম কৰি নিৰ্মাণ কৰা গুণগত কাঁহৰ সামগ্ৰীৰ বাবে বজাৰ হৈ পৰিছে প্ৰত্যাহ্বান।
আনহাতে বিগত দুই তিনিমাহৰ পুৰ্বে চৈধ শ পোন্ধৰ শ টকা দৰত বিক্ৰী হোৱা ভগা কাঁহৰ মুল্য এতিয়া হৈছেগৈ প্ৰায় দুই হাজাৰ টকা।যাৰ ফলত এই শিল্পত পৰিছে মাধমাৰ। জি আই টেগৰ স্বীকৃতি লাভ কৰা অসম গৌৰৱ এই কুটিৰ শিল্পক সুৰক্ষিত কৰিবলৈ অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি যন্ত্ৰ উৎপাদিত নকল কাঁহৰ সামগ্ৰীৰ প্ৰচলন বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভগা কাঁহৰ মুল্য হ্ৰাস কৰাৰ পৰিৱৰ্তে চৰকাৰ উদাসীন হৈ থকাত মধ্যভোগী ব্যৱসায়ী সকল এতিয়া উৎসাহী হৈ পৰিছে । যদিহে অতি সোনকালেই অসম চৰকাৰে এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰে আৰু ভগা কাঁহৰ মুল্য হ্ৰাস নকৰে তেতিয়া হলে ঐতিহ্যমণ্ডিত কাঁহ শিল্প বন্ধ হৈ পৰাটো নিশ্চিত বুলি ধাৰণা কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ