দিখৌমুখত গৰাখহনীয়াত বিধ্বস্ত মথাউৰিৰ ফলত আতংকগ্ৰস্ত বিশখনৰো অধিক গাঁৱৰ ৰাইজ
গৰাখহনীয়াত বিধ্বস্ত এটা মথাউৰিয়ে বিপদ কঢ়িয়াব বিশখনৰো অধিক গাৱলৈ।
দিখৌমুখত গৰাখহনীয়াত বিধ্বস্ত মথাউৰিৰ ফলত আতংকগ্ৰস্ত বিশখনৰো অধিক গাঁৱৰ ৰাইজ


শিৱসাগৰ, ১১ মে’ (হি.স.): শিৱসাগৰত গৰাখহনীয়াত বিধ্বস্ত এটা মথাউৰিয়ে বিশখনৰো অধিক গাঁৱলৈ বিপদ কঢ়িয়াই অনাৰ আশংকা কৰা হৈছে । বিগত বৰ্ষৰ নৱেম্বৰ মাহতেই দিখৌ নদীৰ প্ৰবল সোতে মথাউৰিৰ লগতে প্ৰায় আধা কিলোমিটাৰ অঞ্চলত ভয়াৱহ খহনীয়াৰ সৃষ্টি কৰিছিল ।

শিৱসাগৰ জিলাৰ দিখৌমুখ ৰঘুবাৰী অঞ্চলৰ দিখৌ নদীৰ দুৰ্বল মথাউৰিয়ে আতংকগ্ৰস্ত কৰি তুলিছে বিশখনৰো অধিক গাৱৰ ৰাইজক।খহনীয়া ৰোধৰ বাবে বাঁহৰ লাং, কেইগাড়ীমান মাটি , জিঅ মেট আৰু জিঅ বেগ দিয়েই পাল মাৰিলে জলসম্পদ বিভাগে।বাৰিষা আহিলেই দিখৌ নদীৰ প্ৰবল সোতত মথাউৰি ছিঙি যোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে । শীঘ্ৰেই স্থায়ী সমাধানৰ দাবী তুলিছে স্থানীয় ৰাইজ সকলেয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande